• দেশৰ ক’ভিড পৰিস্থিতিৰ আকস্মিক অৱনতি : কেৰালাত সপ্তাহান্তিক লকডাউন

    ৰাষ্ট্ৰীয়
    দেশৰ ক’ভিড পৰিস্থিতিৰ আকস্মিক অৱনতি : কেৰালাত সপ্তাহান্তিক লকডাউন

    তিৰুৱন্তপুৰম : দেশৰ ক’ভিড পৰিস্থিতিৰ আকস্মিক অৱনতি দেখিবলৈ পোৱা গৈছে। বিগত দুটা দিনত সংক্ৰমণৰ হাৰ আকস্মিকভাৱে বৃদ্ধি পাইছে দেশত। মূলতঃ কেৰালা আৰু মহাৰাষ্ট্ৰত সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে দেশৰ সামগ্ৰিক ক’ভিড সংক্ৰমণতো বৃদ্ধি দেখা পোৱা গৈছে। একেৰাহে দ্বিতীয় দিনাও দেশত ৪০ সহস্ৰাধিক নতুন আক্ৰান্ত চিনাক্ত হৈছে।





    মন কৰিবলগীয়া যে, বিগত মঙলবাৰে ৩০ হাজাৰৰ তললৈ নামিছিল সংক্ৰমিতৰ সংখ্যা। তাৰ পাছতে যোৱা দুদিনত লক্ষ্যণীয়ভাৱে সংক্ৰমণ বৃদ্ধি পালে। কেৱল কেৰালাতে বিগত ২৪ ঘণ্টাত ২২সহস্ৰাধিক আক্ৰান্ত চিনাক্ত হৈছে। এনে পৰিপ্ৰেক্ষিতত ৰাজ্যখনত উইকেণ্ড বা সপ্তাহান্তিক লকডাউন ঘোষণা কৰিছে। ৰাজ্যখনৰ পৰিস্থিতিৰ বুজ ল’বলৈ কেন্দ্ৰই ছজনীয়া এটা বিশেষজ্ঞৰ দল ৰাজ্যখনলৈ প্ৰেৰণ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই টুইটযোগে এইকথা প্ৰকাশ কৰে আৰু কয় যে, ‘কেৰালাত ক’ভিড সংক্ৰমণৰ সংখ্যা এতিয়াও তীব্ৰ হৈ আছে।





    পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰৰ ছজনীয়া দল ৰাজ্যখনলৈ প্ৰেৰণ কৰা হৈছে। এই বিশেষজ্ঞৰ দলটোৱে ৰাজ্যখনৰ ক’ভিড প্ৰতিৰোধী যুঁজত সহযোগিতা আগবঢ়াব।’ ইফালে দেশত বিগত ২৪ ঘণ্টাত ৬৪০জন লোকৰ মৃত্যু হৈছে। দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যা কালিৰ দিনটোতে ৪ হাজাৰ ৪০৪জন বৃদ্ধি হৈছে। আনহাতে, মহাৰাষ্ট্ৰত নতুনকৈ চিনাক্ত হৈছে ৬,৮৫৭জন নতুন আক্ৰান্ত।