Sports
নতুন দিল্লী : দেশত ক’ভিড সংক্ৰমণ অব্যাহত আছে। এতিয়াও প্ৰতিদিনে ৪০ সহস্ৰাধিক আক্ৰান্ত চিনাক্ত হৈছে। সমান্তৰালভাৱে চলি আছে দেশৰ প্ৰতিষেধক প্ৰদান অভিযানো। ১৬ জানুৱাৰীত আৰম্ভ হোৱা এই টিকাকৰণ অভিযানে যোৱা প্ৰায় সাতটা মাহৰ ভিতৰত উল্লেখনীয় সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই সময়ছোৱাৰ ভিতৰত দেশৰ প্ৰায় ৫০ শতাংশ লোকক প্ৰতিষেধক অভিযানৰ জৰিয়তে সামৰি লোৱাত সফল হৈছে ভাৰত।
প্ৰতিষেধক গ্ৰহণৰ বাবে যোগ্য চিহ্নিত হোৱা দেশৰ প্ৰায় ৫০ শতাংশ লোকক অন্ততঃ এপালিকৈ প্ৰতিষেধক প্ৰদান কৰাটো সম্ভৱ হৈছে। অৱশ্যে এই সাফল্যই দেশৰ টিকাকৰণ অভিযানৰ পৰিপূৰ্ণতাৰ ইংগিত বহন নকৰে। ৯৪০ নিযুত প্ৰাপ্তবয়স্ককক টিকাকৰণেৰে এই বছৰটোৰ ভিতৰতে সামৰি লোৱাৰ লক্ষ্য ভাৰতে স্থিৰ কৰিছে যদিও সেই লক্ষ্যত উপনীত হ’বলৈ আৰু দীঘলীয়া বাট অতিক্ৰম কৰিবলৈ বাকী আছে। দেশত শুকুৰবাৰ পৰ্যন্ত মুঠ ৬২.৬৯পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে।
কেৱল শুকুৰবাৰৰ দিনটোতে দেশৰ ১ কোটি লোকক প্ৰতিষেধক প্ৰদান কৰিছে দেশৰ স্বাস্থ্য বিভাগে। টিকাকৰণ অভিযানৰ এনে সাফল্যৰ বিপৰীতে কিন্তু দেশত ক’ভিড সংক্ৰমণো ক্ৰমাৎ বৃদ্ধি হোৱা দেখা গৈছে। বিগত ২৪ ঘণ্টাত দেশত ৪৬,৭৫৯জন নতুন আক্ৰান্ত চিনাক্ত হৈছে। বিগত প্ৰায় দুটা মাহৰ ভিতৰত এদিনতে আক্ৰান্তৰ এয়াই সৰ্বাধিক সংখ্যা। মৃত্যু হৈছে ৫-৯জনৰ। দেশত ক’ভিড আক্ৰান্ত বৃদ্ধিত প্ৰধান অৰিহণা যোগাইছে। কেৰালাই। কেৱল কেৰালাতে বিগত ২৪ ঘণ্টাত চিনাক্ত হৈছে ৩২,৮০১জন আক্ৰান্ত। ৰাজ্যখনত একেৰাহে তৃতীয় দিনাও ৩০ সহস্ৰাধিক আক্ৰান্ত চিনাক্ত হৈছে।
Leave A Comment