• দেশৰ বয়োজ্যেষ্ঠতম : ১০৩বছৰীয়াই গ্ৰহণ কৰিলে ক'ভিড ভেকচিন

    ৰাষ্ট্ৰীয়
    দেশৰ বয়োজ্যেষ্ঠতম : ১০৩বছৰীয়াই গ্ৰহণ কৰিলে ক'ভিড ভেকচিন

    বেংগালুৰু : মঙলবাৰে বেংগালুৰুৰ এগৰাকী ১০৩বছৰীয়া বৃদ্ধাই গ্ৰহণ কৰিলে ক'ভিড ভেকচিনৰ প্ৰথম পালি৷ শতবৰ্ষ গৰকা এইগৰাকী মহিলা ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা আটাইতকৈ বয়সীয়া নাগৰিক হিচাপে চিহ্নিত হৈছে৷ ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা জে কামেশ্বৰী নামৰ মহিলাগৰাকী প্ৰতিষেধক গ্ৰহণ কৰা দেশৰ বয়োজ্যেষ্ঠতম মহিলা৷





    আৰু পঢ়িব পাৰিব : ‘অজাপ’ৰ পৰা কেন্দ্ৰীয় সম্পাদকসহ ১৭ জনৰ পদত্যাগ





    কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি মঙলবাৰলৈকে দেশত ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰা মুঠ লোকৰ সংখ্যা হৈছে ২,৪০,৩৭,৬৪৪জন৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেশজুৰি ১ মাৰ্চৰ পৰা আৰম্ভ কৰিছিল দ্বিতীয় পৰ্যায়ৰ ক'ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া৷





    আৰু পঢ়িব পাৰিব : অগ্নিকাণ্ডত প্ৰায় ১০ৰো অধিক বিপণীৰ সা-সম্পত্তি ভস্মীভূত !





    আনহাতে, যোৱা ২৪ ঘন্টাত দেশত ক’ভিডৰ ১৭,৯২১টা নতুন সংক্ৰমণ ধৰা পৰিছে৷ ২০,৬৫২জনে বিগত সময়ছোৱাত ক'ভিডৰ পৰা আৰোগ্য লাভ কৰাৰ বিপৰীতে ১৩৩জনৰ মৃত্যু হৈছে৷ বৰ্তমানলৈকে ১,৮৪,৫৯৮জন আক্ৰান্ত চিকিৎসাধীন হৈ আছে৷