• দেশৰ সুৰক্ষাত প্ৰাণপন : দেশৰ সহস্ৰাধিক জোৱানলৈ সাহসিকতাৰ স্বীকৃতি

    ৰাষ্ট্ৰীয়
    দেশৰ সুৰক্ষাত প্ৰাণপন : দেশৰ সহস্ৰাধিক জোৱানলৈ সাহসিকতাৰ স্বীকৃতি

    নতুন দিল্লী : দেশৰ সীমান্তত পৰাক্ৰমেৰে ঠিয় হৈ থাকি দেশৰ ভূখণ্ড সুৰক্ষিত কৰি ৰখা জোৱানলৈ স্বীকৃতি। বিগত বৰ্ষত আটাইতকৈ স্পৰ্শকাতৰ হিচাপে বিবেচিত পূব লাডাখৰ ভাৰত-চীন সীমান্তৰ গালোৱান উপত্যকা আৰু ‘গ’গ্ৰা হট স্প্ৰীং’ উপত্যকাত চীনা সৈন্যক বাধা প্ৰদান কৰা আইটিবিপিৰ ২০গৰাকী জোৱানলৈ সাহসিকতাৰ পুৰস্কাৰ আগবঢ়োৱা হৈছে।





    দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত এই পুৰস্কাৰ আগবঢ়োৱা হ’ব। সীমান্তত নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি এইসকল জোৱানে দেশৰ সুৰক্ষাত নিজকে উৎসৰ্গা কৰিছিল। উল্লেখ্য যে, বিগত বৰ্ষত গালোৱান উপত্যকাত চীনা সৈন্যৰে ৰক্তক্ষয়ী সংঘাতৰ সূত্ৰপাত ঘটিছিল ভাৰতীয় সেনাৰ। ফলত ২০জনকৈ বীৰ জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। তাৰ পাছতো একাধিকবাৰ এইসকল আইটিবিপিৰ জোৱানে সমুখ সমৰত লিপ্ত হৈ চীনা সৈন্যক বাধা দিছিল।





    এই কুৰিগৰাকী বীৰ জোৱানৰ লগতে দেশৰ মুঠ ৬৩০গৰাকী আৰক্ষী তথা সামৰিক বাহিনীৰ জোৱানক সাহসিকতাৰ বঁটা আগবঢ়োৱা হ’ব। ইয়াৰ ভিতৰত ২৫৭গৰাকী জম্মু-কাশ্মীৰ আৰক্ষীৰ লোকো আছে। শনিবাৰে কেন্দ্ৰীয় গৃহ বিভাগে এইকথা প্ৰকাশ কৰে। নক্সালবিৰোধী যুঁজত পৰাক্ৰমেৰে অংশ লোৱা চিআৰপিএফৰ ১৫২গৰাকী জোৱানলৈও আগবঢ়োৱা হৈছে পৰাক্ৰমৰ স্বীকৃতি। দেশৰ সৰ্বমুঠ ১,৩২০গৰাকী আৰক্ষীৰ লোকক দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসত আগবঢ়োৱা হ’ব পদক।