• ধাৰাবাহিকত আক্ৰমণৰ লক্ষ্য : জম্মু-কাশ্মীৰত বিজেপি নেতা-কৰ্মীৰ সংকট

    ৰাষ্ট্ৰীয়
    ধাৰাবাহিকত আক্ৰমণৰ লক্ষ্য : জম্মু-কাশ্মীৰত বিজেপি নেতা-কৰ্মীৰ সংকট

    শ্ৰীনগৰ : জম্মু-কাশ্মীৰত বিজেপি নেতাৰ ওপৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ। ধাৰাবাহিকভাৱে বিজেপি নেতাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে সন্ত্ৰাসবাদী সংগঠনে। উপত্যকাটোৰ কুলগাম এলেকাত মঙলবাৰে জাভেদ আহমেদ ডাৰ নামৰ বিজেপি নেতাগৰাকীক উগ্ৰপন্থীয়ে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে।





    শেহতীয়াকৈ অঞ্চলটোত ধাৰাবাহিকভাৱে বিজেপি নেতা-কৰ্মীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে সন্ত্ৰাসবাদীয়ে। বিজেপিয়ে প্ৰকাশ কৰা মতে ২০১৯ চনত জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা প্ৰত্যাহাৰৰ পাছৰ পৰা ২২গৰাকীকৈ বিজেপিৰ নেতা কৰ্মীৰ হত্যা কৰিছে সন্ত্ৰাসবাদীয়ে। এসপ্তাহৰ পূৰ্বে অনন্তনাগত বিজেপি দলৰ এগৰাকী নেতা তথা গাঁৱৰ মুৰব্বীক পত্নীসহ হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে।





    শেহতীয়াকৈ অনন্তনাগত হত্যাৰ বলি হ’ল জাভেদ আহমেদ ডাৰ। কুলগামতে বিগত এটা বছৰৰ ভিতৰত ৯জনকৈ বিজেপি কৰ্মী হত্যাৰ বলি হৈছে। এই পৰিস্থিতিক লৈ বিজেপিয়ে উদ্বেগ প্ৰকাশ কৰিছে।