National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
ইন্দোৰ : ষ্টেণ্ড আপ কমেডিয়ান মুনাৱাৰ ফাৰুকীৰ জামিনৰ আবেদন আজি মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে নাকচ কৰে। মুনাৱৰ আৰু আন চাৰিজন কৌতুক অভিনেতাক তেওঁলোকৰ অনুষ্ঠানৰ সময়ত ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ অভিযোগত ২ জানুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল।
আৰু পঢ়িব পাৰিব : বিপদ বৃদ্ধি ‘তাণ্ডৱ’ৰ নিৰ্মাতা, শিল্পীৰ
স্থানীয় সংগঠনৰ মুৰব্বী একলব্য সিং গৌৰ, স্থানীয় বিজেপি বিধায়ক আৰু ইন্দোৰৰ প্ৰাক্তন মেয়ৰ মালিনী গৌৰৰ অভিযোগৰ ভিত্তিত মুনাৱৰ ফাৰুকী, নলীন যাদৱ, এডৱিন এন্থনী, প্ৰখৰ ব্যাস আৰু প্ৰিয়ম ব্যাসক গ্ৰেপ্তাৰ কৰা হৈছিল। অভিযোগ অনুসৰি মুনাৱাৰ ফাৰুকীয়ে এটা অনুষ্ঠানত হিন্দু দেৱতা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিষয়ে অভব্য মন্তব্য কৰিছিল।
আৰু পঢ়িব পাৰিব : ১৮গৰাকী নাৰীক হত্যা, ২১টা গোচৰ, গ্ৰেপ্তাৰ ভয়ংকৰ অপৰাধী
এই অভিযোগৰ পাছতে স্থানীয় আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ কিন্তু মুনাৱাৰৰ অধিবক্তাৰ যুক্তি অনুসৰি কমেডিয়ানজনক কমেডি শ্ব'ৰ আয়োজকসকলে আমন্ত্ৰণ জনাইছিল আৰু তেওঁ অভিযোগ কৰাৰ দৰে একো মন্তব্য কৰা নাছিল। কিন্তু আদালতে ইয়াক অস্বীকাৰ কৰি কয় যে যিহেতু তদন্ত এতিয়াও চলি আছে, আপত্তিজনক মন্তব্যৰ সম্ভাৱনা অস্বীকাৰ কৰিব নোৱাৰি।
Leave A Comment