National
Digital Desk: External Affairs Minister Dr. S Jaishankar will represent India at the swearing-in ceremony of US President-elect Donald Trump on January 20. Donald Trump is set to become the 47th President of the
নতুন দিল্লী : দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণ অধিক বৃদ্ধি হ’ল। একপ্ৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ হাতৰ পুতলাত পৰিণত হ’ল দিল্লীৰ নিৰ্বাচিত চৰকাৰ। এখন সংশোধিত বিতৰ্কিত আইনৰ জৰিয়তে দিল্লীৰ চৰকাৰক একপ্ৰকাৰ লেকাম লগোৱাৰ ব্যৱস্থা কৰিলে কেন্দ্ৰই। কোভিড সংক্ৰমণৰ ভয়াৱহতাৰ সৈতে যুঁজ কৰি থকা দিল্লীত নতুন লেফটেনেণ্ট গৱৰ্নৰ অৰ্থাৎ উপৰাজ্যপাল নিযুক্তি দিয়াৰ পাছতে কেজৰিৱাল চৰকাৰৰ ক্ষমতা সংকুচিত হৈ পৰিল।
আৰু পঢ়িব পাৰিব : মহাৰাষ্ট্ৰৰ হাস্পতালত জুই, চাৰিজন ৰোগী নিহত
এই সংশোধিত আইন অনুসৰি ‘দিল্লী চৰকাৰ’ বুলিলে এতিয়াৰ পৰা ‘দিল্লীৰ উপৰাজ্যপাল’ক বুজাব। উপৰাজ্যপালগৰাকী হৈছে কেন্দ্ৰৰ প্ৰতিনিধি। কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ে জাৰি কৰা অধিসূচনা অনুসৰি ২৭ এপ্ৰিলৰ পৰা দিল্লীত এই নতুন নীতি জাৰি হৈছে। এতিয়াৰে পৰা দিল্লী চৰকাৰে কোনো ‘এগজিকিউটিভ একচন’ গ্ৰহণৰ পূৰ্বে উপ-ৰাজ্যপালৰ অনুমোদন ল’ব লাগিব। উল্লেখ্য যে, দুয়োখন সদনতে বিৰোধীৰ প্ৰবল প্ৰতিবাদৰ মাজতে এই বিতৰ্কিত আইনৰ সংশোধন ঘটোৱা হৈছিল।
আৰু পঢ়িব পাৰিব : ভূমিকম্প : মুখ্যমন্ত্ৰীলৈ ফোন উদ্বিগ্ন প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই আইনৰ সংশোধনী গৃহীত হোৱাৰ দিনটোক ‘ভাৰতৰ গণতন্ত্ৰৰ বাবে দুখৰ দিন’ আখ্যা দিছিল। তেওঁ এই আইন বলৱৎ কৰাটো দিল্লীৰ জনগণৰ বাবে অপমান বুলিও অভিহিত কৰিছিল। উল্লেখ্য যে, দিল্লীৰ উপ-ৰাজ্যপালৰ পদত এতিয়া নিযুক্ত হৈছে লেফটেণ্ট জেনেৰেল অনিল বাইজাল।
Leave A Comment