Regional
নতুন দিল্লী : নতুন দিল্লীত অসম মিজোৰামৰ সীমা সমস্যা সম্পৰ্কত আজি হোৱা বৈঠকৰ অন্ত পৰে৷ দিনজোৰা দুটা পয্যায়ৰ আলোচনাৰ অন্তত অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় "অসমে নিজৰ ভৌগলিক অখণ্ডতাৰ লগত আপোচ নকৰে৷ মিজোৰামৰ তৰফৰ পৰা হোৱা বেদখল তেঁওলোকে এৰিব লাগিব৷"
লগতে কয় বৈঠকত দুয়োপক্ষ সহমতত উপনীত হৈছে যদিও মিজোৰামে চুক্তিৰ বাবে কিছু সময় বিছাৰিছে ৷
ইপিনে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ সীমা সমস্যাৰ বিষয়টো উচ্চতম ন্যায়ালয়ত আছে৷ আজিৰ আলোচনাত দুয়োখন ৰাজ্যৰ মুখ্যসচিব, আৰক্ষী সঞ্চালকপ্ৰধান আৰু বিষয়া পৰ্যায়ৰ বৈঠক প্ৰথম পৰ্যায়ত হয় ৷ ২য় পৰ্যায়ৰ বৈঠক কেন্দ্ৰীয় গৃহসচিৱ পৰ্যায়ত অনুষ্ঠিত হয় ৷
Leave A Comment