Regional
নতুন দিল্লীঃ তালিবানে আফগানিস্তান দখল কৰাৰ পাছত দেশৰ বিভিন্ন প্ৰান্তত আশ্ৰয় লৈছে আফগানসকলে। শেহতীয়াকৈ নতুন দিল্লীত হাজাৰ হাজাৰ আফগান শৰনাৰ্থীয়ে বিক্ষোভ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। নাম পঞ্জীয়নক কেন্দ্ৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আফগান সকলে। উল্লেখ্য যে, একেৰাহে ৬ দিন ধৰি নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি আহিছে আফগান শৰনাৰ্থীসকলে।
দুটা দশকৰ পাছত, দেশখনৰ শক্তি আকৌ এবাৰ তালিবানী সংগঠনটোৰ হাতলৈ যোৱাৰ লগে লগে বহুতো নাগৰিকে আতংকিত হৈ আফগানিস্তান ত্যাগ কৰিছিল। জানিবলৈ পোৱা মতে ২১ হাজাৰ আফগানে সম্প্ৰতি ভাৰতত আশ্ৰয় লৈছে। কিন্তু তেওঁলোকৰ মাত্ৰ এক-তৃতীয়াংশ শৰণাৰ্থীয়েহে ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ত শৰণাৰ্থী হিচাপে নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে। ইয়াকে কেন্দ্ৰ কৰি তীব্ৰ বিক্ষোভ কাৰ্যসূচী হাতত লৈছে। সংশ্লিষ্ট কৰ্তৃপক্ষই বিষয়টো সন্দৰ্ভত কেনে গুৰুত্ব প্ৰকাশ কৰে সেয়াহে হ’ব লক্ষ্যণীয়।
Leave A Comment