• নাতিনীৰ শিক্ষাৰ বাবে বিক্ৰী কৰিছিল ঘৰ... তাৰ পিছত ঘটিল চমৎকাৰ

    ৰাষ্ট্ৰীয়
    নাতিনীৰ শিক্ষাৰ বাবে বিক্ৰী কৰিছিল ঘৰ... তাৰ পিছত ঘটিল চমৎকাৰ

    মুম্বাই : মুম্বাইত শুনা গ’ল মানৱতাৰ জয়ধ্বনি। এজন দুৰ্দশাগ্ৰস্ত বয়োজ্যেষ্ঠ অটো চালকক সহায় কৰিবলৈ আগবাঢ়ি আহিল সহস্ৰ সহৃদয় লোক। নাতিনীৰ শিক্ষাৰ বাবে নিজৰ ঘৰটোকো বিক্ৰী কৰিবলৈ বাধ্য হোৱা অটো চালকজনক ২৪লাখ টকা বৰঙণি দি সহায় কৰিলে বিভিন্নজন হৃদয়বানে। এই মন জৰুৱা ঘটনাটোৱে এতিয়া সৰ্বত্ৰ চৰ্চা লাভ কৰিছে।





    আৰু পঢ়িব পাৰিব :নৰেন্দ্ৰ মোদীৰ নামেৰে মুকলি বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম





    জানিব পৰা মতে, দেশৰাজ নামৰ বয়োজ্যেষ্ঠ লোকজনে তেওঁৰ দুই বোৱাৰী আৰু চাৰি নাতি-নাতিনীক মুম্বাইত অটো চলাই পোহপাল দি আহিছিল। তেওঁৰ কান্ধে বব পৰাতকৈ বহু বেছি গধুৰ আছিল তেওঁৰ ভাৰখন। নাতি-নাতিনী আৰু দুই বোৱাৰীয়েকক পোহপাল দিয়া তথা নাতি-নাতিনীৰ শিক্ষা-দীক্ষাৰ দায়িত্ব আছিল তেওঁৰ কাৰণে অতি গধুৰ। দুই পুত্ৰৰ মৃত্যুৰ পাছত এই গধুৰ বোজা তেওঁ বহন কৰি আহিছিল। পিছে এগৰাকী নাতিনীয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৮০ শতাংশ নম্বৰ লাভ কৰি তেওঁৰ কষ্ট সাৰ্থকো কৰি তুলিছিল। পিছে নাতিনীয়েকে বিএড পঢ়াৰ বাবে দিল্লীলৈ যাব বিচৰাত কেনা লাগে দেশৰাজৰ অংকত।





    আৰু পঢ়িব পাৰিব :‘কনা হাঁহক পতান’ দিয়াৰ দৰে চাহ শ্ৰমিকক মজুৰি দিছে চৰকাৰে





    নাতিনীৰ উজ্জ্বল ভৱিষ্যতৰ স্বাৰ্থত অৱশেষত তেওঁ নিজৰ ঘৰটোকে বিক্ৰী কৰি দিবলগীয়া হয়। এই ঘটনাৰ বিষয়ে পোহৰলৈ আনে ‘হিউমেনছ অব মুম্বাই’ নামৰ সংস্থাটোৱে আৰু তেওঁলোকে দেশৰাজৰ বাবে ‘ক্ৰাউড ফাণ্ডিং’ আৰম্ভ কৰে। ২০ লাখ টকা সংগ্ৰহৰ লক্ষ্যৰে আৰম্ভ কৰা এই অভিযানে যথেষ্ট সঁহাৰি লাভ কৰে আৰু সহস্ৰজনৰ সহায়েৰে দেশৰাজৰ বাবে ২৪ লাখ টকা সংগ্ৰহ হয়। তেওঁৰ জীৱনৰ সংগ্ৰামৰ বিষয়ে কংগ্ৰেছ নেত্ৰী অৰ্চনা ডালমিয়াইও টুইটাৰত পোষ্ট কৰিছিল আৰু মুম্বাইবাসীক সহায়ৰ আহ্বান জনাইছিল। মিলিন্দ দেওৰাৰ দৰে নেতায়ো ইয়াৰ ৰিটুইট কৰে। শেহতীয়াকৈ দেশৰাজে ২৪লাখ টকাৰ এখন চেক হাতত লৈ থকা এখন আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছে আৰু তেওঁক সহায় কৰা সকলোকে তেওঁ কৃতজ্ঞতাও জ্ঞাপন কৰিছে। মানৱতাৰ জয়ধ্বনি বাজি উঠা এই ঘটনাই সকলোৰে অন্তৰ স্পৰ্শ কৰিছে।