• নাৰদা গোচৰ : মমতা বেনাৰ্জীক সকাহ উচ্চতম ন্যায়ালয়ৰ

    ৰাষ্ট্ৰীয়
    নাৰদা গোচৰ : মমতা বেনাৰ্জীক সকাহ উচ্চতম ন্যায়ালয়ৰ

    নতুন দিল্লী : নাৰদা গোচৰ সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সকাহ দিছে উচ্চতম ন্যায়ালয়ে। কলকাতা উচ্চ ন্যায়ালয়ৰ এটা ৰায়ত স্থগিতাদেশ জাৰি কৰি মমতাক সকাহ দিছে সৰ্বোচ্চ ন্যায়ালয়ে। মুখ্যমন্ত্ৰী মমতাই এই গোচৰ সন্দৰ্ভত ন্যায়ালয়ত দাখিল কৰা শপতনামা ৰেকৰ্ড হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল কলকাতা উচ্চ ন্যায়ালয়ে।





    বহুচৰ্চিত নাৰদা গোচৰত সাঙোৰ খাইছিল মমতা মন্ত্ৰীসভাৰ মন্ত্ৰী, বিধায়কৰ নামো। ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ ৰায় স্থগিত কৰাৰ লগতে মমতা বেনাৰ্জী, বংগ চৰকাৰ তথা আইন মন্ত্ৰী মলয় ঘটকক উচ্চ ন্যায়ালয়ত এখন নতুনকৈ শপতনামা গ্ৰহণৰ আবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।





    অহা ২৯ জুনত এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব আৰু সেইদিনাই এই নতুন আবেদন দাখিলৰ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে।