• নিৰ্বাচনী ইস্তাহাৰ : 'ছিংগল' যুৱকলৈ বাইক, বয়োজ্যেষ্ঠলৈ চাধা আৰু বিড়ি!

    ৰাষ্ট্ৰীয়
    নিৰ্বাচনী ইস্তাহাৰ : 'ছিংগল' যুৱকলৈ বাইক, বয়োজ্যেষ্ঠলৈ চাধা আৰু বিড়ি!

    ডিজিটেল ডেস্ক : ভাৰতত নিৰ্বাচন মানেই প্ৰতিশ্ৰুতিৰ বন্যা। নিৰ্বাচন আহিলেই প্ৰতিজন ৰাজনৈতিক নেতাৰ মুখত বয় প্ৰতিশ্ৰুতিৰ নৈ। ভোটাৰক আকৰ্ষণ কৰিবলৈ কত কিমান যে আঁচনি! প্ৰতিটো ৰাজনৈতিক দলে প্ৰস্তুত কৰে প্ৰতিশ্ৰুতিৰে ভৰা নিৰ্বাচনী ইস্তাহাৰ। শেহতীয়াকৈ এজন নিৰ্বাচনী প্ৰাৰ্থীৰ ইস্তাহাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে, আমোদৰো সৃষ্টি কৰিছে।


    বিহাৰৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী তুফাইল আহমেদৰ নিৰ্বাচনী ইস্তাহাৰে জনসাধাৰণক আমোদ দিয়াৰ লগতে সৃষ্টি কৰিছে বিতৰ্কৰো। আহমেদে নিজৰ ইস্তাহাৰত 'আপুনি ৰাখক আমাৰ ওপৰত বিশ্বাস, এজন এজনকৈ হ'ব সকলোৰে বিকাশ' শীৰ্ষক শ্ল'গানেৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে। উল্লেখযোগ্য যে গাঁও পঞ্চায়তৰ প্ৰধান পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে তুফাইল আহমেদে। কাহানিও নুশুনা আহমেদৰ ৭টা মুখ্য প্ৰতিশ্ৰুতিয়ে গাঁওবাসীৰ লগতে সকলোকে আচম্বিত কৰিছে।

    তুফাইল আহমেদৰ নিৰ্বাচনী ইস্তাহাৰত থকা প্ৰতিশ্ৰুতিসমূহ এনেধৰণৰ-
    গাঁৱৰ নিবনুৱালৈ চৰকাৰী চাকৰি।
    গাঁওবাসীলৈ বিমানবন্দৰৰ সুবিধা।
    'ছিংগল' যুৱকসকললৈ দুচকীয়া বাহন।
    ছোৱালীসকললৈ বিনামূলীয়া বিউটী পাৰ্লাৰৰ সুবিধা আৰু চিলাই মেচিন।
    বয়োজ্যেষ্ঠলৈ প্ৰতিদিনে এপেকেট চাধা আৰু বিড়ি।
    বাট-পথৰ লগতে খেতিপথাৰতো টাইলছ লগাই নগৰীকৰণ কৰা।
    নল জল যোজনাত পানীৰ পৰিৱৰ্তে গাখীৰ যোগান ধৰা।


    ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা তুফাইল আহমেদৰ নিৰ্বাচনী ইস্তাহাৰ সম্পৰ্কত প্ৰশ্ন কৰাত অৱশ্যে আহমেদে তেনেকুৱা কোনোধৰণৰ প্ৰতিশ্ৰুতি দিয়া নাই বুলি দাবী কৰে আৰু এয়া তেওঁৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰ বুলিহে অভিযোগ কৰে।