Sci & Tech
নতুন দিল্লী : চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ২৭তাৰিখে অন্তিমবাৰৰ বাবে বৃদ্ধি পাইছিল পেট্ৰ’ল-ডিজেলৰ দাম।পাঁচখন ৰাজ্যৰ বিধানসবা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছতেই আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলক দাম। বিগত দুমাহতকৈ অধিকাংশ সময় অপৰিৱৰ্তিত আছিল পেট্ৰ’ল-ডিজেলৰ দাম।
আৰু পঢ়িব পাৰিব : বিল গেটছ, মেলিণ্ডাৰ ২৭ বছৰীয়া যুগ্ম জীৱনৰ অৱসান
২৭ ফেব্ৰুৱাৰীৰপৰা মুঠ ৪বাৰ তেলৰ দাম হ্ৰাস পাইছিল। সাংখ্যিক গণনাত ৪বাৰকৈ তেলৰ দাম হ্ৰাস পালেও কিন্তু হ্ৰাস হোৱা নাছিল ১ টকাও। এতিয়া পুনৰ বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ দাম। নতুন দিল্লীত আজি পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ১৫পইচাকৈ আৰু ডিজেলত ১৮পইচাকৈ বৃদ্ধি পাইছে।
আৰু পঢ়িব পাৰিব : দেশলৈ ওভতাত নিষেধাজ্ঞা : প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ তাৰকাৰ
এতিয়া নতুন দিল্লীত পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ৯০টকা ৫৫পইচা হৈছে। ডিজেল প্ৰতি লিটাৰত ৮০টকা ৯১পইচা হৈছে।মুম্বাইত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৯৬টকা ৯৫পইচা আৰু ডিজেল প্ৰতি লিটাৰত ৮৭টকা ৯৮পইচা আৰু চেন্নাইত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত ৯২টকা ৫৫পইচা হৈছে। ডিজেল প্ৰতি লিটাৰৰ দাম হৈছে ৮৫টকা ৯০পইচা।
Leave A Comment