International
কাবুল : তালিবানৰ আগ্ৰাসন বৃদ্ধি পোৱাৰ লগে লগে গভীৰ মানৱীয় সংকটৰো সৃষ্টি হৈছে আফগানিস্তানত। ভালেমান গুৰুত্বপূৰ্ণ চহৰ তালিবানে দখল কৰাৰ পাছত দেশখনৰ নাগৰিকৰ বাবে নতুন সংকটৰ সৃষ্টি হৈছে। কালি প্ৰকাশিত এটা বাতৰি অনুসৰি তালিবানে এতিয়া আফগান যুৱতীসকলক তেওঁলোকৰে বিয়াত বহাৰ বাবে জোৰ কৰিবলৈ আৰম্ভ কৰিছে।
তালিবানৰ হাতত বন্দী হোৱা আফগান সৈন্য বাহিনীৰ সদস্যক মৃত্যুদণ্ড দিয়া তথা নতুনকৈ দখল কৰা স্থানবোৰত সাধাৰণ নাগৰিকৰ ওপৰত অপ্ৰৰোচিত আক্ৰমণ কৰাৰ দৰে ঘটনাও সংঘটিত কৰিবলৈ আৰম্ভ কৰিছে। কাবুল বা আন আফগান চৰকাৰ নিয়ন্ত্ৰিত স্থানবোৰলৈ আঁতৰি যোৱা সাধাৰণ নাগৰিকসকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে, তেওঁলোকে সাধাৰণ নাগৰিকৰ ওপৰত চলোৱা অপ্ৰৰোচিত আক্ৰমণ আৰু বন্দী আফগান সেনাক মৃত্যুদণ্ড বিহাৰ দুৰ্ভাগ্যজনক ঘটনাৰ সাক্ষী হ’বলগীয়া হৈছে।
তেওঁলোকে লগতে প্ৰকাশ কৰে যে, মৌলবাদী সংগঠনটোৰ সদস্যসকলৰে বিয়াত বহিবলৈ যুৱতীসকলক জোৰ জুলুম কৰিবলৈ আৰম্ভ কৰিছে। ‘ৱাল ষ্ট্ৰীট জাৰ্নেল’ত প্ৰকাশিত বাতৰি অনুসৰি চৰকাৰে বিভিন্ন মানৱ অধিকাৰ সংগঠনে ইয়াক একধৰণৰ ‘যৌন অপৰাধ’ আখ্যা দিছে। তালিবানে সমগ্ৰ দেশখনতে নিজৰ নিয়ন্ত্ৰণ আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰু তেওঁলোকৰ এই কাৰ্যই দেশখনত এতিয়া ভয়াৱহ সংকটৰ সৃষ্টি কৰিছে।
Leave A Comment