• নৃশংসতা : কুঠাৰেৰে ঘপিয়াই ১৬ বছৰীয়া কিশোৰীক হত্যা

    ৰাষ্ট্ৰীয়
    নৃশংসতা : কুঠাৰেৰে ঘপিয়াই ১৬ বছৰীয়া কিশোৰীক হত্যা

    নতুন দিল্লী : মানুহৰ নৃশংসতাৰ নিত্য-নতুন কাহিনী সৃষ্টি কৰিছে একাংশ দুষ্কৃতিকাৰীয়ে। নিজৰ ইচ্ছাৰ অনুকূলে কথাবোৰ নহ’লেই হিংস্ৰ ৰূপ ধাৰণ কৰে এনে লোকে। এনে এক ঘটনাই সংঘটিত হৈছে দিল্লীত। এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীক কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে এজন যুৱকে। ১৬ বছৰীয়া কিশোৰীগৰাকীক যুৱকজনে কেইবামাহো ধৰি নানা ধৰণে হাৰাশাস্তি কৰি আহিছিল।





    আৰক্ষীয়ে এই জঘন্য ঘটনা সংঘটিত কৰা ২১ বছৰীয়া প্ৰবীণ নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিছে। দিল্লীত এই ঘটনা সংঘটিত কৰি যুৱকজনে হাৰিয়ানাৰ পালৱালত থকা তেওঁৰ ভগ্নীৰ ঘৰলৈ পলাই গৈছিল। দিল্লীৰ মোটিবাগ এলেকাৰ শান্তিটাউনৰ নিবাসী নিবনুৱা যুৱক প্ৰবীনে কেইবামাহো ধৰি কিশোৰীগৰাকীৰ বিভিন্ন ধৰণে ব্যতিব্যস্ত কৰি আহিছিল। কিশোৰীগৰাকীয়ে তেওঁৰ পিতৃক এই বিষয়ে অৱগত কৰাৰ পাছত কিশোৰীগৰাকীৰ পিতৃয়ে প্ৰবীণক মাৰধৰ কৰে। তাৰেই প্ৰতিশোধ ল’লেই যুৱকজনে এই দু্ষ্কাৰ্য সংঘটিত কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। সোমবাৰে আৰ কে পুৰমৰ পৰা এখন কুঠাৰ কিনি আনি যুৱকজনে কিশোৰীগৰাকীৰ মুখমণ্ডলত ঘপিয়াই গুৰুতৰভাৱে আহত কৰে। তেওঁ ততালিকৈ ছফদৰগঞ্জ হাস্পতাললৈ লৈ যোৱা হয় যদিও তেওঁৰ মৃত্যু হয়।