• নৃশংস : হত্যাকাৰীয়ে ৰান্ধি খুৱালে ভুক্তভোগীৰ হৃদপিণ্ড

    ৰাষ্ট্ৰীয়
    নৃশংস : হত্যাকাৰীয়ে ৰান্ধি খুৱালে ভুক্তভোগীৰ হৃদপিণ্ড

    লণ্ডন : এজন নৃশংস হত্যাকাৰীৰ কাহিনীয়ে শেহতীয়াকৈ আলোড়নৰ সৃষ্টি কৰিছে। এই অপৰাধীজনে এজন লোকক হত্যা কৰি তেওঁৰ হৃদপিণ্ড উলিয়াই আলুৰে ৰান্ধি খুৱাইছিল আন কেইজনমান লোকক। তিনিজনকৈ লোকক হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত হোৱা লোকজনৰ নৃশংসতাৰ বিষয়ে কালি মাৰ্কিন সংবাদ মাধ্যমত প্ৰকাশ পাইছে।





    আৰু পঢ়িব পাৰিব :ভাৰত বন্ধ : ব্যৱসায়িক সংস্থাৰ বন্ধত দেশত মিশ্ৰিত প্ৰভাৱ





    আমেৰিকাৰ ওকলাহোমাৰ এই অপৰাধীজনে তেওঁ হত্যা কৰা এজন লোকৰ হৃদপিণ্ড ৰান্ধি তেওঁৰ অপৰাধৰ আন ভুক্তভোগী কেইবাজনো লোকক খুৱাইছিল আৰু তাৰ পাছত তেওঁলোকৰ ওপৰতো আক্ৰমণ চলাইছিল। লৰেন্স পল এণ্ডাৰছন নামৰ অপৰাধীজনে সংঘটিত কৰিছিল এই জঘন্য কাণ্ড। নিজৰ চুবুৰীয়া এজন লোকক ছুৰীকাঘাতেৰে হত্যা কৰি এণ্ডাৰচনে তেওঁৰ দেহৰ অংগ কাটি উলিয়াইছিল।





    আৰু পঢ়িব পাৰিব :অযোধ্যাৰ ৰাম মন্দিৰলৈ দান দিলে সংখ্যালঘু বিধায়কে





    মৃত লোকজনক হৃদপিণ্ড উলিয়াই তেওঁ নিজৰ খুৰাকৰ ঘৰলৈ গৈছিল আৰু তাতে সেয়া খুড়াক-খুড়ীয়েকক ৰান্ধি খুৱাবলৈ চেষ্টা কৰিছিল। লোকজন পিছত তেওঁৰ খুড়াক আৰু তেওঁৰ চাৰিবছৰীয়া নাতিক হত্যা কৰে। খুড়ীয়েকো গুৰুতৰভাৱে আহত হয় বিকৃত মানসিকতাৰ অপৰাধীজনৰ আক্ৰমণত। আৰক্ষীয়ে আদালতত দাখিল কৰা চাৰ্ছ ৱাৰেণ্টত এই বিষয়ে প্ৰকাশ কৰিছে। অপৰাধীজনে মঙলবাৰে আদালতত নিজৰ অপৰাধ স্বীকাৰ কৰিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।