National
Following his disqualification from the Lok Sabha, Congress leader Rahul Gandhi has been served with a notice to leave the government-allotted bungalow...
Digital Desk: Following his disqualification from the Lok Sabha, Congress leader
নতুন দিল্লী : অ’টিটি প্লেটফৰ্ম নেটফ্লিক্স পুনৰ ন্যায়ালয়ৰ ৰোষত পৰিছে। দিল্লী উচ্চ ন্যায়ালয়ে নেটফ্লিক্সত এখন বিশেষ তথ্যচিত্ৰ সম্প্ৰচাৰ কৰাত বাধা আৰোপ কৰিছে। ‘এ বিগ লিটিল মাৰ্ডাৰ’ নামৰ এই তথ্যচিত্ৰখন সম্প্ৰচাৰ কৰাত বাধা দিয়া হৈছে ‘নেটফ্লিক্স’ক।
গুৰুগ্ৰামৰ ‘ৰিয়ান ইণ্টাৰনেচনেল স্কুল’ত এজন সাত বছৰীয়া ছাত্ৰৰ মৃত্যুৰ ঘটনাক এই তথ্যচিত্ৰত তুলি ধৰা হৈছিল। বিদ্যালয়খনৰ প্ৰস্ৰাৱগাৰৰ ভিতৰত শিশুটিৰ মৃতদেহ উদ্ধাৰ হৈছিল। বিদ্যালয়খনে ইয়াৰ ন্যাসৰ জৰিয়তে নেটফ্লিক্সত এই তথ্যচিত্ৰখন সম্প্ৰচাৰ কৰাৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিছিল।
ন্যায়াধীশ জয়ন্ত নাথৰ বিচাৰপীঠে প্ৰকাশ কৰে যে, যদিহে বিদ্যালয়খনৰ সৈতে সম্পৰ্ক থকা দৃশ্যাংশবোৰ আঁতৰ কৰাৰ পাছতহে এই তথ্যচিত্ৰখন সম্প্ৰচাৰ কৰিব পৰা যাব। বিদ্যালয়খনৰ ভাৱমূৰ্তিত তথ্যচিত্ৰখনে নেতিবাচক প্ৰভাৱ পেলাব বুলি উল্লেখ কৰি ন্যায়ালয়ৰ কাষ চাপিছিল বিদ্যালয়খন পৰিচালনা কৰা ন্যাস।
Leave A Comment