• প'লিঅ' ড্ৰপৰ ঠাইত খুৱালে ছেনিটাইজাৰ: মহাৰাষ্ট্ৰত ১২টি শিশু চিকিৎসাধীন

    ৰাষ্ট্ৰীয়
    প'লিঅ' ড্ৰপৰ ঠাইত খুৱালে ছেনিটাইজাৰ: মহাৰাষ্ট্ৰত ১২টি শিশু চিকিৎসাধীন

    মুম্বাই: মহাৰাষ্ট্ৰৰ এখন ভিতৰুৱা গাঁৱত প'লিঅ'ৰ ড্ৰপ দিয়াৰ নামত চৰম অৱহেলাৰ এক ঘটনা সংঘটিত হৈছে৷ মুম্বাইৰপৰা ৭০০ কিলোমিটাৰ নিলগৰ য়াৱাতমল জিলাৰ এখন গাঁৱত প'লিঅ' ড্ৰপৰ ঠাইত ১২ টি শিশুক ছেনিটাইজাৰ খুওৱাৰ ঘটনা পোহৰলৈ আহিছে৷ শিশুকেইটিক বৰ্তমান এখন চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷





    আৰু পঢ়িব পাৰিব : বালাকোট আক্ৰমণৰ পাছতে ষড়যন্ত্ৰ বৃদ্ধি পাকিস্তানৰ! লৈছে নতুন কৌশল





    অভাৱনীয় ঘটনাটোৰ বাবে ৩ জনকৈ স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলিও জানিবলৈ দিছে স্থানীয় প্ৰশাসনে৷ সৌভাগ্যৰ বিষয় যে ঘটনাটোত ভুক্তভোগী আটাইকেইজন শিশু এই পৰ্যন্ত জটিলভাৱে অসুস্থ হোৱা নাই৷ শিশুকেইটিৰ বয়স ৫ বছৰৰ তলৰ হোৱা বাবে তেওঁলোকক বিশেষ যত্নৰ প্ৰয়োজন হ'ব৷





    আৰু পঢ়িব পাৰিব : ভাৰতৰ প্ৰতিষেধক কূটনীতি তুংগত : পাকিস্তানতো ব্যৱহাৰ হ’ব কোভিশ্বিল্ড





    উল্লেখ্য যে, ঘটনাটো দেওবাৰে গাঁওখনৰ এটা প্ৰাথমিক স্বাস্থ্যসেৱা কেন্দ্ৰত ১-৫ বছৰ বয়সৰ শিশুৰ বাবে ৰাষ্ট্ৰীয় পালচ প'লিঅ' প্ৰতিষেধক অভিযানৰ সময়ত সংঘটিত হৈছিল৷ জানিব পৰা মতে প'লিঅ' ড্ৰপৰ ঠাইত ভুলতে ছেনিটাইজাৰ খুওৱাৰ ফলত এজন শিশুৱে বমি আৰু অসহজ অনুভৱ কৰাত বেমেজালিটো পোহৰলৈ আহে।