National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
কাবুল : আফগান ভূমিত প্ৰায় প্ৰতিৰোধশূন্য হৈ পৰিছে তালিবান। পঞ্জশীৰ উপত্যকাত প্ৰতিৰোধক বাহিনীৰ খোপনি তালিবানে ওফৰোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে প্ৰতিৰোধ বাহিনীৰ নেতাসকলে পঞ্জশীৰ ত্যাগ কৰিছে। পঞ্জশীৰ ত্যাগ কৰি তেওঁলোকে তুৰস্কত আশ্ৰয় লোৱা বুলি জানিব পৰা গৈছে। তালিবানৰ এজন মুখপাত্ৰই এইকথা প্ৰকাশ কৰিছে। আহমদ মাছুদ তুৰস্কত থকা বুলি দাবী কৰি তালিবানৰ মুখপাত্ৰজনে কয় যে, পঞ্জশীৰত ইণ্টাৰনেট সেৱা নাই।
তেওঁ কেনেকৈ অনলাইন পোষ্ট কৰি আছে? তেওঁ পঞ্জশীৰ উপত্যকা ত্যাগ কৰিছে আৰু তুৰ্কীত আশ্ৰয় লৈছে। পঞ্জশীৰ তালিবানে ঘেৰাও কৰি ৰখা বুলি দাবী কৰি তালিবানৰ চৰকাৰী সংবাদ মাধ্যমৰ সাংবাদিক তাৰিক গাজনিৱালে প্ৰকাশ কৰিছে, সংবাদ মাধ্যমৰ হাতত সঠিক খবৰ নথকা বাবে বিভ্ৰান্তিৰ সৃষ্টি হৈছে। কিন্তু পঞ্জশীৰ এতিয়া তালিবানে সম্পূৰ্ণৰূপে দখল কৰিছে। হিন্দু কুশ্ব পৰ্বতমালাৰ মাজত অৱস্থিত পঞ্জশীৰ কাবুলৰ পাৰ ৯০ মাইল দূৰত অৱস্থিত এখন ঠাই। কাবুল তালিবানৰ দখল কৰাৰ সময়ৰে পৰা ই প্ৰতিৰোধ বাহিনীৰ মূল কেন্দ্ৰত পৰিণত হৈছিল। যাৰ নেতৃত্ব দি আছিল দেশখনৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি অমৰুল্লাহ ছালেহ আৰু আফগান গৰিলা কমাণ্ডাৰ আহমদ শ্বাহ মাছুদৰ পুত্ৰ আহমদ মাছুদে।
আজি তালিবানে এখন গুৰুত্বপূৰ্ণ যুঁজত বিজয় সাব্যস্ত কৰা বুলি দাবী কৰিছে আৰু পঞ্জশীৰৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিছে। তেওঁলোকে দাবী কৰা মতে, ইয়াৰ নেতাসকলে বাহিৰৰ পৰা তাত প্ৰভাৱ বিস্তাৰ কৰি আছিল। তালিবানে দীঘলীয়া সময় ধৰি আলোচনাৰ বাবে অপেক্ষা কৰি আছিল যদিও আলোচনাৰ বাবে তেওঁলোক আগবাঢ়ি নাহিল। ফলত প্ৰতিৰোধ বাহিনীক প্ৰতিহত কৰি পঞ্জশীৰ নিজৰ দখললৈ নিলে তালিবানে। ইফালে নেচনেল ৰেজিষ্টেন্স ফ্ৰণ্টে দাবী কৰা মতে, তেওঁলোকে উপত্যকাটোৰ ষ্ট্ৰেটেজিক পইণ্টবোৰত আশ্ৰয় গ্ৰহণ কৰি আছে। তালিবান আৰু তেওঁলোকৰ সহযোগীসকলৰ সৈতে সংগ্ৰাম চলি থাকিব বুলিও তেওঁলোকে দাবী কৰে।
Leave A Comment