নতুন দিল্লী : পশ্চিমবংগৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি ঐশী ঘোষে। চিপিআই(এম)ৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ’ব জেএনইউৰ ছাত্ৰীগৰাকী। উল্লেখ্য যে, জেএনইউৰ চৌহদত যোৱা বছৰৰ জানুৱাৰী মাহত শিক্ষাৰ্থী আৰু শিক্ষকৰ ওপৰত চলা নৃশংস আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল ঐশী ঘোষ।
আৰু পঢ়িব পাৰিব : মৰিয়নিত নিৰ্বাচন নেখেলে অখিল গগৈয়ে ! প্ৰত্যাহাৰ কৰিলে মনোনয়ন পত্ৰ
শেহতীয়াকৈ বিজেপি-আৰএছএছৰ ৰাজনীতিৰ বিৰুদ্ধে পশ্চিমবংগৰ ৰাজপথত নামি প্ৰতিবাদ কৰা ছাত্ৰীগৰাকীয়ে জামুৰিয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি প্ৰকাশ কৰিছে। জেএনইউৰ ছাত্ৰ একতা সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাতে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ঐষী ঘোষেই হ’ব প্ৰথম। চিপিআই(এম)ৰ প্ৰাৰ্থীগৰাকীক সংযুক্ত মৰ্চায়ো সমৰ্থন জনাইছে।
আৰু পঢ়িব পাৰিব : ছোৱালীয়ে পেণ্ট-স্কাৰ্ট পিন্ধিলেই কৰা হ’ব এঘৰীয়া
তেওঁ টুইযোগে সদৰি কৰিছে যে, ‘মই সংযুক্ত মৰ্চাৰ সমৰ্থনত চিপিআই(এম)ৰ প্ৰাৰ্থী হিচাপে জামুৰিয়া বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ম। সকলোৰে সমৰ্থন বিচাৰিলোঁ।’ দুৰ্গাপুৰৰ বাসিন্দা ২৫ বছৰীয়া ছাত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ স্কুল অব ইণ্টাৰনেচনেল ৰিলেচনত গৱেষণা কৰি আছে।
Leave A Comment