• পাণ্ডিয়া ভাতৃদ্বয়ৰ পিতৃৰ বিয়োগ : বিভিন্নজনৰ শোকবাৰ্তা প্ৰেৰণ

    ৰাষ্ট্ৰীয়
    পাণ্ডিয়া ভাতৃদ্বয়ৰ পিতৃৰ বিয়োগ : বিভিন্নজনৰ শোকবাৰ্তা প্ৰেৰণ

    মুম্বাই : ভাৰতীয় ক্ৰিকেটাৰ হাৰ্ডিক পাণ্ডিয়া আৰু ক্ৰুণাল পাণ্ডিয়াৰ পিতৃৰ আজি পুৱা মৃত্যু হয়৷ হৃদৰোগত আক্ৰান্ত হৈ ৭১বছৰ বয়সত মৃত্যু হয় হিমাংশু পাণ্ডিয়াৰ৷





    আৰু পঢ়িব পাৰিব : “এই ভেকচিনে প্ৰমাণ কৰিলে ভাৰতৰ সামৰ্থ” : প্ৰধানমন্ত্ৰী মোদী





    পিতৃৰ মৃত্যুৰ সময়ত বৰোডাত চলি থকা ছৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেট প্ৰতিযোগিতাত ব্যস্ত আছিল ক্ৰুণাল পাণ্ডিয়া৷ এই খৱৰ লাভ কৰাৰ পাছতে ক্ৰুণালে খেলৰ পৰা অব্যাহতি লৈ পৰিয়ালৰ ওচৰত উপস্থিত হয়৷ ক্ৰুণাল পাণ্ডেয়াই ছৈয়দ মুস্তাক আলী টি-২০ৰ বাকী কেইখন খেলত অংশগ্ৰহণ নকৰে বুলি বৰোডা ক্ৰিকেট এছ’চিয়েছেনৰ তৰফৰ পৰা প্ৰকাশ কৰে।





    আৰু পঢ়িব পাৰিব : ৰাজ্যজুৰি আৰম্ভ কৰ’নাৰ সৰ্ববৃহৎ টিকাকৰণ প্ৰক্ৰিয়া





    ইপিনে পাণ্ডিয়া ভাতৃদ্বয়ৰ পিতৃৰ বিয়োগৰ খবৰ লাভ কৰাৰ পাছতে বিভিন্নজনে শোকবাৰ্তা প্ৰেৰণ কৰিছে৷ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী, ইৰফান পাঠানকে ধৰি বহুজনে সমবেদনা জনায়৷