• পি ভি সিন্ধুৰ সৈতে আইচক্ৰীম খাব প্ৰধানমন্ত্ৰীয়ে !

    ৰাষ্ট্ৰীয়
    পি ভি সিন্ধুৰ সৈতে আইচক্ৰীম খাব প্ৰধানমন্ত্ৰীয়ে !

    নতুন দিল্লী : অলিম্পিকৰ পদক জয় কৰিলে পি ভি সিন্ধুক একেলগে আইচক্ৰীম খোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ব্ৰঞ্জৰ পদক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা বেডমিন্টন তাৰকা সিন্ধুক দিয়া প্ৰতিশ্ৰুতি মতেই প্ৰধানমন্ত্ৰীৰ সৈতে কন্যাই খাব আইচক্ৰীম৷

    এই বিশেষ দিনটোৰ বাবে অধীৰ অপেক্ষা পি ভি সিন্ধুৰ পিতৃৰ৷ অলিম্পিকৰ প্ৰস্তুতিৰ বাবে প্ৰিয় আইচক্ৰীম বাদ দিছিল সিন্ধুই৷ অলিম্পিকগামী দলৰ সৈতে বাৰ্তালাপ কৰাৰ সময়ত মোদীৰ দিয়া এই আশ্বাস পূৰ কৰাৰ কথা উল্লেখ কৰে৷

    ইপিনে প্ৰদানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাতৰ বাবে যথেষ্ট আগ্ৰহী পি ভি সিন্ধুৰ পিতৃ-মাতৃও৷ কন্যাৰ এই সফলতাত যথেষ্ট গৌৰাম্বাবিত সিন্ধু পিতৃ-মাতৃ৷