• পুনৰ অসমলৈ আহিব নৰেন্দ্ৰ মোদী : লক্ষ্য ৫লাখ জনতা !

    ৰাষ্ট্ৰীয়
    পুনৰ অসমলৈ আহিব নৰেন্দ্ৰ মোদী : লক্ষ্য ৫লাখ জনতা !

    গুৱাহাটী : বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমলৈ আহিছে ইজনৰ পাছত সিজনকৈ দলীয় শীৰ্ষ মন্ত্ৰী-নেতা৷ অহা ৭ ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ জানিব পৰা মতে ঢেকিয়াজুলীত জনসভাত অংশ ল’ব মোদীয়ে৷





    আৰু পঢ়িব পাৰিব : আলফাৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ এজন





    নিৰ্বাচনী প্ৰচাৰৰ এই জনসভাত প্ৰায় ৫ লাখ লোক সমবেত কৰাৰ লক্ষ্য কৰিছে বিজেপিয়ে৷ জানিব পৰা মতে মোদীয়ে দুখন চিকিত্সা মহাবিদ্যালয়ৰ আধাৰশিলা কৰিব৷ ঢেকিয়াজুলীৰ পৰাই মোদীয়ে কৰিব আধাৰশিলা৷





    আৰু পঢ়িব পাৰিব : প্ৰতিবাদী কৃষকৰ সন্মুখত নতুন প্ৰত্যাহ্বান, সিংঘুত উত্তপ্ত পৰিস্থিত





    মোদীয়ে চৰাইদেউ আৰু বিশ্বনাথত নতুন চিকিত্সা মহাবিদ্যালয়ৰ লগতে ‘অসম মালা প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰিব৷ ঢেকিয়াজুলীৰ সভা ৰাজ্যিক বিজেপিৰ বাবে প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে৷ যোৱা ২৩ জানুৱাৰীত হৈ যোৱা শিৱসাগৰৰ জনসভাক লৈ প্ৰধানমন্ত্ৰী সন্তুষ্ট নহয় বুলি জানিব পৰা গৈছে৷ বিভিন্ন কাৰিকৰী বিজুতীৰ লগতে অধিক লোক সমবেত নোহোৱাত প্ৰধানমন্ত্ৰীয়ে অসন্তুষ্টি প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে৷