• পুনৰ ফাদিল পাকিস্তানৰ ষড়যন্ত্ৰ, জম্মু-কাশ্মীৰলৈ সুৰংগ পথেৰে সন্ত্ৰাসবাদী

    ৰাষ্ট্ৰীয়
    পুনৰ ফাদিল পাকিস্তানৰ ষড়যন্ত্ৰ, জম্মু-কাশ্মীৰলৈ সুৰংগ পথেৰে সন্ত্ৰাসবাদী

    জম্মু : পাকিস্তানৰ পৰা সুৰংগ পথেৰে জম্মু-কাশ্মীৰলৈ প্ৰেৰণ কৰা হৈ আহিছে সন্ত্ৰাসবাদীৰ দল। জম্মু-কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত ভাৰতৰ নিৰাপত্তা বাহিনীসমূহে পাকিস্তানক সংলগ্ন কৰা ইটোৰ পিছত সিটো সুৰংগ পথ আৱিষ্কাৰ কৰিছে। আজি বিএছএফৰ এটা দলে আন্তঃৰাষ্ট্ৰীয় সীমান্তত পাকিস্তানে নিৰ্মাণ কৰা এটা সুৰংগপথ আৱিষ্কাৰ কৰে।





    আৰু পঢ়িব পাৰিব : ‘কা’ আমি নামানোঃ পুনৰ ক্ষোভৰ জুইত জ্বলিল ৰাজ্য





    এই সুৰংগ পথেৰে সন্ত্ৰাসবাদী প্ৰেৰণ কৰি ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰি আহিছিল বৈৰী দেশখনে। বিগত ১০ দিনৰ ভিতৰতে জম্মু-কাশ্মীৰৰ কাঠুৱা জিলাত এনে দ্বিতীয়টো সুৰংগৰ সন্ধান পোৱা গ’ল। নিৰাপত্তাবাহিনীসমূহে চলোৱা এটা ‘এণ্টি টানেলিং’ অভিযানত এই সুৰংগ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জিলাখনক হীৰানগৰ ছেক্টৰত উদ্ধাৰ হৈছে সুৰংগটো।





    আৰু পঢ়িব পাৰিব : তিনিখনকৈ বাহনৰ মাজত সংঘৰ্ষ লতাশিলত !





    আনহাতে বিগত ছমাহত ছাম্বা আৰু কাঠুৱা জিলাত ধৰা পৰা এয়া চতুৰ্থটো গুপ্ত সুৰংগ পথ। বিগত ১৩ জানুৱাৰীত কাঠুৱাৰ হীৰানগৰ ছেক্টৰতে ১৫০মিটাৰ দৈৰ্ঘ্যৰ সুৰংগপথ ধৰা পেলাইছিল। আজি ধৰা পৰা সুৰংগটোও ১৫০ মিটাৰ দৈৰ্ঘ্য আৰু ৩০ ফুট ব্যাসৰ বুলি ধাৰণা কৰা হৈছে। পাকিস্তানৰ ফালৰ পৰা এই সুৰংগ পথটো খন্দা হৈছিল।