• পুনৰ বানৰ কৱলত বিহাৰ, ককবকাইছে ৫৮ হাজাৰ লোকে

    ৰাষ্ট্ৰীয়
    পুনৰ বানৰ কৱলত বিহাৰ, ককবকাইছে ৫৮ হাজাৰ লোকে

    পাটনা : প্ৰতিবছৰে বানৰ তাণ্ডৱে ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰি আহিছে বিহাৰক। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা দেখিবলৈ পোৱা হোৱা নাই। এইবাৰ বাৰিষাৰ বানে ৰাজ্যখনৰ পৰিস্থিতি জটিল কৰি তোলাৰ আশংকা বঢ়াই তুলিছে। বানৰ কৱলত পৰিছে বিহাৰৰ দাৰভাংগা জিলা। ৰাজ্যখনৰ বাগমাটি, গেহুমী আৰু কমলা নদীকেইখন বিগত প্ৰায় এপষেক ধৰি ফেনে-ফোটোকাৰে বাঢ়িছে।





    ফলত ৰাজ্যখনৰ দাৰভাংগা জিলাৰ কেইবাটাও অঞ্চল বানৰ কৱলত পৰিছে। দাৰভাংগা জিলাৰ জিলা উপায়ুক্ত থিয়াগাৰাজন এছ এমে কালি কাৰ্যবাহী অভিযন্তাসকলৰ সৈতে আলোচনাত মিলিত হয় আৰু বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে গ্ৰহণ কৰা প্ৰস্তুতিৰ বুজ লয়। উপায়ুক্তগৰাকীয়ে বানৰ কৱলত পৰা লোকসকলৰ তালিকা প্ৰস্তুত কৰি তেওঁলোকক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰাৰো নিৰ্দেশ দিয়ে। জিলা প্ৰশাসনে প্ৰকাশ কৰা মতে জিলাখনৰ ৭৯খন গাঁও বানৰ কৱলত পৰিছে আৰু প্ৰায় ৫৮হজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা, তেওঁলোকক খাদ্যৰ যোগান ধৰাৰ দৰে বিভিন্ন অত্যাৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰিছে।