North East
ডিজিটেল ডেস্ক : ভাৰত-চীনৰ সীমা বিবাদে সামান্য সু্স্থিৰতা অৰ্জনৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে পুনৰ তীব্ৰ প্ৰৰোচনামূলক কাৰ্য আৰম্ভ কৰিছে পিপলছ লিবাৰেচন আৰ্মী চমুকৈ পিএলএ-ই। এইবাৰ ভাৰতৰ ভূমিত অশ্বাৰোহী চীনা সৈন্যই চলাইছে তাণ্ডৱ। পিএলএৰ ১০০ সৈন্যই উত্তৰাখণ্ডৰ ভাৰতৰ ভূমিত প্ৰৱেশ কৰি এখন দলঙৰ ক্ষতিসাধন কৰা বুলি প্ৰকাশ পাইছে সংবাদ মাধ্যমত। বাৰাহোটী এলেকাত থকা এখন দলঙৰ ক্ষতিসাধন কৰি এইদল অশ্বাৰোহী চীনা সৈন্যই চীনলৈ উভতি যায়।
ইকনমিক টাইমছ কাকতত এই উদ্বেগজনত বাতৰি প্ৰকাশ পাইছে। কাকতখনত প্ৰৱেশ কৰা মতে ভাৰতৰ ভূমিৰ কমেও পাঁচ কিলোমিটাৰলৈ প্ৰৱেশ কৰিছিল চীনৰ সৈন্যৰ দলটোৱে। তুনজুন-লা পাছেৰে প্ৰৱেশ কৰিছিল শতাধিক চীনা সৈন্য। ৫৫টা ঘোঁৰাত উঠি এইসকল সৈন্যই ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল আৰু ভাৰতৰ সম্পত্তিৰ ক্ষতিসাধন কৰি ভাৰতীয় সৈন্যৰ মুখামুখি হোৱাৰ পূৰ্বেই নিজ ভূখণ্ডলৈ প্ৰত্যাৱৰ্তন কৰিছিল।
ভাৰতৰ নিৰাপত্তা বাহিনীৰ এক সূত্ৰৰ আঁত ধৰি বাতৰিটোত কোৱা হৈছে যে, বাৰাহোটী এলেকাত চীনৰ সৈন্যদলে প্ৰায় তিনিঘণ্টা ঘূৰা-ফিৰা কৰিছিল। স্থানীয় লোকে প্ৰথমে চীনৰ পিএলএ-ৰ এনে অবাঞ্চিত গতিবিধিৰ বিষয়ে প্ৰকাশ কৰে আৰু তাৰ পাছতে ভাৰতীয় সেনা আৰু আইটিবিপিৰ জোৱানে পৰিস্থিতিৰ বুজ লোৱাৰ বাবে ঘটনাস্থলীত উপস্থিত হয়।
Leave A Comment