• প্ৰকৃতিৰ ঋণ পৰিশোধৰ পৰামৰ্শ ক'ভিড জয়ীক...

    ৰাষ্ট্ৰীয়
    প্ৰকৃতিৰ ঋণ পৰিশোধৰ পৰামৰ্শ ক'ভিড জয়ীক...

    নাগপুৰ: ক'ৰনাত বিধ্বস্ত বিশ্ব| ক'ভিড-১৯ৰ আক্ৰমণৰ ফলশ্ৰুতিত শ্বাস-প্ৰশ্বাসৰ সমস্যাত জৰ্জৰিত ৰোগী৷ আক্ৰান্তসকলক জীৱন বচাবলৈ যোগান ধৰা হৈছে জীৱনদায়িনী অক্সিজেনৰ৷ আনহাতে, দেশৰ কেইবাখনো ৰাজ্যত অক্সিজেনৰ নাটনিয়ে দেখা দিছে৷ এই পৰিস্থিতিত সুস্থ হৈ উঠা ক'ভিড-১৯ত আক্ৰান্ত ৰোগীসকলে চিকিৎসাৰ সময়ত গ্ৰহণ কৰা অক্সিজেন উভতাই দিব লাগিব বুলি জনাইছে চিকিৎসকসকলে৷ ঘটনাটো নাগপুৰৰ|নাগপুৰ চিকিৎসালয়ত সুস্থ হৈ উঠা ক'ভিড আক্ৰান্ত ৰোগীসকলক উদ্দেশ্যি এই বাৰ্তা প্ৰেৰণৰ লগতে বৃক্ষ ৰোপনৰ পৰামৰ্শ চিকিৎসালয় কৰ্তৃপক্ষৰ৷





    আৰু পঢ়িব পাৰিব : অগ্নিকাণ্ডঃ অৰ্ধদগ্ধ ৬৫বছৰীয়া বৃদ্ধ






    ৪১বছৰীয়া এগৰাকী ৰোগীয়ে এসপ্তাহৰ অন্তত সুস্থ হৈ চিকিৎসালয়ৰ পৰা অব্যাহতি লোৱাৰ সময়ত অব্যাহতি পত্ৰত উল্লেখ কৰা হৈছে যে-'আপুনি সুস্থ হৈ উঠোতে ১লাখ ৪৪ হাজাৰ লিটাৰ অক্ৰিজেন গ্ৰহণ কৰিছিল৷ এইবাৰ এই অক্সিজেন প্ৰকৃতিক উভতাই দিবৰ বাবে বৃক্ষ ৰোপণ কৰক৷'






    চিকিৎসালয় কৰ্তৃপক্ষৰ এই ইতিবাচক পৰামৰ্শৰ প্ৰতি সঁহাৰি জনাই ক'ভিড জয়ী ৰোগীৰ সৌহাদ্যপূৰ্ণ মন্তব্য,"মই এইবছৰ ১০ডালতকৈ অধিক বৃক্ষ ৰোপণ কৰিম৷ প্ৰকৃতিয়ে বিনামূলীয়াকৈ যোগান ধৰা অক্সিজেনৰ প্ৰয়োজনীয়তা কিমান সেয়া ক'ভিড-১৯ৰ সংহাৰলীলাৰ জড়িয়তে বুজি উঠিছো৷'





    আৰু পঢ়িব পাৰিব : অবিশ্বাস্য! অস্কাৰৰ মঞ্চত পিতৃ-মাতৃৰ যৌন জীৱনক লৈ মন্তব্য পুত্ৰৰ…






    কেবল এগৰাকী ৰোগীৰ ক্ষেত্ৰতেই নহয় সুস্থ হৈ উঠা প্ৰতিগৰাকী ৰোগীয়ে গ্ৰহণ কৰা অক্সিজেনৰ পৰিমাণ উল্লেখ কৰিছে নাগপুৰ চিকিৎসালয়ে৷ লগতে ক'ভিড-১৯ত আক্ৰান্ত ৰোগীয়ে গ্ৰহণ কৰা অক্সিজেন প্ৰকৃতিক উভতাই দিবলৈ নাগপুৰ চিকিৎসালয়ে পৰামৰ্শ প্ৰদান কৰিছে আৰু চিকিৎসক তথা চিকিৎসালয় কৰ্তৃপক্ষৰ প্ৰশংসনীয় পদক্ষেপত মুগ্ধ  হৈ পৰিছে ক'ভিড জয়ী ৰোগী৷