• প্ৰতিষেধক আছে পৰ্যাপ্ত, কিন্তু লওঁতাই পিছ হুঁহকিছে ভাৰতত

    ৰাষ্ট্ৰীয়
    প্ৰতিষেধক আছে পৰ্যাপ্ত, কিন্তু লওঁতাই পিছ হুঁহকিছে ভাৰতত

    নতুন দিল্লী: বিশ্বৰ বহুকেইখন দেশে যিসময়ত দেশৰ জনসংখ্য়াক সামৰিব পৰাকৈ ভেকচিন সংগ্ৰহ কৰিবলৈ যুঁজ কৰিবলগীয়া হৈছে, সেই সময়তে ভাৰতত দেখা গৈছে এখন বিপৰীত ছবি৷ দেশত বৰ্তমানে ভালেসংখ্য়ক প্ৰতিষেধক মজুত আছে যদিও এই প্ৰতিষেধক ল'বলৈ অভাৱ ঘটিছে মানুহৰ৷





    আৰু পঢ়িব পাৰিব : মুক্তিপণ নাপালে কুইপ’ৰ বিষয়াৰ বিৰুদ্ধে চৰম ব্যৱস্থা ল’ব আলফাই!





    প্ৰথম পৰ্যায়ত প্ৰতিষেধক লোৱাৰ বাবে নিৰ্বাচিত বহুতেই ভেকচিন ল'বলৈ আগবাঢ়ি অহা নাই৷ ভাৰতে বিশ্বৰ অন্যতম বৃহৎ টিকাকৰণ কাৰ্যসূচী আৰম্ভ কৰাৰ সময়তে কিছুমান স্বাস্থ্যকৰ্মীয়ে এতিয়াও তৃতীয় পৰ্যায়ৰ পৰীক্ষণ সম্পূৰ্ণ নোহোৱা ভেকচিনৰ সুৰক্ষাক সন্দেহৰ আৱৰ্তত ৰাখিছে।





    আৰু পঢ়িব পাৰিব : সোণ চুৰি কৰি আৰক্ষীৰ জালত পৰিল মহিলা





    সোমবাৰলৈকে, প্ৰতিষেধক গ্ৰহণৰ বাবে নিৰ্বাচিত লোকসকলৰ কেৱল ৫৬% লোকেহে ভেকচিন গ্ৰহণ কৰিছে৷ যদিহে টিকাকৰণৰ হাৰ বৃদ্ধি নহয়, ভাৰতে জুলাইৰ ভিতৰত ৩০০ নিযুত লোকক অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰপৰা যথেষ্ট পিছ পৰিব।