• প্ৰতিষেধক বিকাশৰ বাবে বাজেটত ধাৰ্য ৩৫,০০০ কোটি টকা

    ৰাষ্ট্ৰীয়
    প্ৰতিষেধক বিকাশৰ বাবে বাজেটত ধাৰ্য ৩৫,০০০ কোটি টকা

    নতুন দিল্লী : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি বাজেট অধিৱেশনত পৰৱৰ্তী ছয় বছৰত স্বাস্থ্যসেৱাৰ বাবে ৬৪,১৮০ কোটি টকাৰ আত্মনিৰ্ভৰ স্বাস্থ্য যোজনা ৰূপায়নৰ পৰিকল্পনা ঘোষণা কৰে৷





    আৰু পঢ়িব পাৰিব : বাকসাৰ বৰিমাখাত বৃহৎ পৰিমাণৰ অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ





    ইয়াৰ অংশ হিচাপে ক'ভিড প্ৰতিষধক প্ৰস্তুত কৰাৰ বাবে ৩৫,০০০ কোটি টকা ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে। চৰকাৰে এই বাজেটত প্ৰতিৰোধমূলক স্বাস্ব্যসেৱা, নিৰাময়মূলক স্বাস্ব্যসেৱা আৰু সুস্থ জীৱনৰ ওপৰত গুৰুত্ব দিব৷





    আৰু পঢ়িব পাৰিব : ভয়ংকৰ ট্ৰাক দুৰ্ঘটনা : আঘাতপ্ৰাপ্ত প্ৰায় ৩০-৪০ জন লোক…





    বিত্তমন্ত্ৰীয়ে তেওঁৰ বাজেট ভাষণত ঘোষণা কৰে যে, এই বছৰ ভাৰত বায়’টেকৰ কোভেক্সিন আৰু ছেৰাম ইনষ্টিটিউটৰ ক'ভিশ্বিল্ডৰ উপৰি আৰু দুটা প্ৰতিষেধক অহাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, সীতাৰমণে আজি লোকসভাত মোদী চৰকাৰৰ নৱম বাজেট আৰু ক'ভিড কালৰ প্ৰথম বাজেট উপস্থাপন কৰিছে।