• প্ৰথমবাৰৰ বাবে সংসদত দাখিল হ’ব ছপাবিহীন বাজেট...

    ৰাষ্ট্ৰীয়
    প্ৰথমবাৰৰ বাবে সংসদত দাখিল হ’ব ছপাবিহীন বাজেট...

    নতুন দিল্লী : আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিব বাজেট ২০২১-২২৷ প্ৰথমবাৰৰ বাবে সংসদত দাখিল হ’ব ছপাবিহীন বাজেট৷ লকডাউনে বিধ্বস্ত কৰা অৰ্থনীতি পুনৰুদ্ধাৰৰ প্ৰত্যাহ্বানৰ মাজেৰে দাখিল কৰিব লগা এই বাজেট নিৰ্মলা সীতাৰমণৰ বাবে কঠিন প্ৰত্যাহ্বান হৈ পৰিছে৷





    আৰু পঢ়িব পাৰিব : গুজৰাটত সহকৰ্মীৰ প্ৰেচাৰ কুকাৰৰ আঘাতত মৃত্যু অসমীয়া যুৱক





    বাজেটত আয়কৰ ৰেহাইৰ ঊৰ্ধ্বসীমা বৃদ্ধি কৰাৰ সম্ভাৱনা থকাৰ লগতে টিডিএছৰ হাৰ পুনৰ ২৫%লৈ হ্ৰাস কৰাৰ সম্ভাৱনা আছে বুলিও ধাৰণা কৰা হৈছে৷ ইয়াৰ উপৰি বাজেটত নিয়োগ সৃষ্টিত বিশেষ গুৰুত্ব দিয়াৰ সম্ভাৱনা আছে৷





    আৰু পঢ়িব পাৰিব : পুনৰ অসমলৈ আহিব নৰেন্দ্ৰ মোদী : লক্ষ্য ৫লাখ জনতা !





    ইপিনে প্ৰথমবাৰৰ বাবে কাগজত ছপা কৰা নহয় বাজেট৷ সাংসদসকলে মোবাইল ফোন, লেপটপত চাব পাৰিব এই বাজেট৷