Sci & Tech
নতুন দিল্লী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও গ্ৰহণ কৰিব ক’ভিড প্ৰতিষেধক। যোৱা সপ্তাহৰপৰা আৰম্ভ হোৱা প্ৰতিষেধক প্ৰদান অভিযানৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰহণ কৰিব ক’ভিড প্ৰতিষেধক। এক চৰকাৰী সূত্ৰই এই বিষয়ে প্ৰকাশ কৰিছে।
আৰু পঢ়িব পাৰিব : নুনমাটিত বিচাৰৰ নামত তালিবানী কাৰবাৰ: গণপ্ৰহাৰত মৃত্যু যুৱকৰ
প্ৰধানমন্ত্ৰীৰ লগতে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলেও এই প্ৰতিষেধক গ্ৰহণ কৰিব। ১৬ জানুৱাৰীত আৰম্ভ হোৱা ক’ভিড প্ৰতিষেধক প্ৰদান অভিযানৰ প্ৰথম পৰ্যায়ত চিকিৎসক, স্বাস্থ্যকৰ্মীকে ধৰি ফ্ৰণ্টলাইন যোদ্ধাসকলক প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে। ছেৰাম ইনষ্টিটিউটৰ কোভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ কোভাক্সিন প্ৰদানৰ অনুমতি দিয়া হৈছে দেশত।
আৰু পঢ়িব পাৰিব : ৩০টা শগুনৰ অস্বাভাৱিক মৃত্যু : আতংকত অঞ্চলবাসী
দ্বিতীয় পৰ্যায়ৰ প্ৰতিষেধক প্ৰদান পৰ্বত ৫০ বছৰৰ ঊৰ্ধ্বৰ আৰু আন ৰোগত আক্ৰান্ত লোকসকলক প্ৰতিষেধক প্ৰদান কৰা হ’ব। দেশৰ ৫০ বছৰৰ ঊৰ্ধ্বৰ সকলো সাংসদ তথা বিধায়ককো প্ৰদান কৰা হ’ব প্ৰতিষেধক।
Leave A Comment