• প্ৰবল বৃষ্টিপাত : মহাৰাষ্ট্ৰত ভূমিস্খলনত মৃত্যু ৩৬জনৰ

    ৰাষ্ট্ৰীয়
    প্ৰবল বৃষ্টিপাত : মহাৰাষ্ট্ৰত ভূমিস্খলনত মৃত্যু ৩৬জনৰ

    মুম্বাই : প্ৰবল বৃষ্টিপাতে একপ্ৰকাৰ প্ৰলয়ৰ সৃষ্টি কৰিছে মহাৰাষ্ট্ৰত। বিগত কেইবাদিনো ভালেকেইখন জিলাত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত বহু অঞ্চল জলমগ্ন হৈ পৰিছে। আজি ৰাজ্যখনৰ ৰায়গড় এলেকাত হোৱা ভূমিস্খলনৰ ফলত ৩৬জনকৈ লোকৰ মৃত্যু হৈছে। অৱশ্যে কোংকন এলেকাত বৰষুণৰ প্ৰকোপ সামান্য হ্ৰাস পোৱা বুলি প্ৰকাশ পাইছে। ৰায়গড়ৰ বান প্ৰভাৱিত অঞ্চলবোৰৰ পৰা ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰ কৰাৰ বাবে হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে। প্ৰশাসনৰ লোকে বানৰ কৱলত পৰা লোকসকলক ঘৰৰ চালত উঠি উদ্ধাৰকাৰীৰে সহযোগ কৰিবলৈ আহ্বান জনাইছে। বিগত ৪০ বছৰৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক হাৰত বৰষুণ হোৱা বুলি প্ৰকাশ পাইছে। এনে প্ৰলংয়কৰী পৰিস্থিতিৰ মাজতে তিনিঠাইত হোৱা ভূমিস্খলনত এইসকল লোকৰ মৃত্যু হৈছে। এতিয়ালৈ ৩২টা মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰীয়ে।