• প্ৰব্ৰজিত শ্ৰমিকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

    ৰাষ্ট্ৰীয়
    প্ৰব্ৰজিত শ্ৰমিকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

    নতুন দিল্লী : দেশৰ ৮০ নিযুত প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। মোদী চৰকাৰে দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত সকলো প্ৰব্ৰজিত শ্ৰমিককে সামৰি লোৱাৰ বাবে আৰম্ভ কৰিছে ‘ৱান নেচন, ৱান ৰেচন কাৰ্ড’ আঁচনি। এই ডিজিটেল আঁচনিক সুফল যিকোনো ৰাজ্যতে থকা প্ৰব্ৰজিত শ্ৰমিকে লাভ কৰিব পাৰিব। সম্প্ৰতি দেশৰ ৩২খন ৰাজ্যত এই আঁচনি আৰম্ভ হৈছে।





    আৰু পঢ়িব পাৰিব : কৰিমগঞ্জৰ চুড়াইবাৰীত বাহনসহ জব্দ নিচাযুক্ত টেবলেট





    আনহাতে আন চাৰিখন ৰাজ্যই এই ডিজিটেল ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰক্ৰিয়া চলাই আছে। খাদ্য মন্ত্ৰণালয়ৰ পৰা জাৰি কৰা তথ্যত এই কথা প্ৰকাশ পাইছে। তথ্য অনুসৰি বিগত বৰ্ষৰ আগষ্ট মাহৰ পৰা এই বছৰৰ ফেব্ৰুৱাৰী মাহলৈ এই ব্যৱস্থাৰে ২৩০ নিযুত লেনদেন কৰা হৈছে। তদুপৰি চৰকাৰে ‘মেৰা ৰেচন’ নামৰ এটা এপৰ জৰিয়তেও হিতাধিকাৰীৰ সুফল প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে।





    আৰু পঢ়িব পাৰিব : নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিলৈ আন এজন তাৰকা





    এই এপৰ সহায়ত নেচনেল ফুড ছিকিউৰিটী আঁচনিৰ সুফল হিতাধিকাৰীয়ে লাভ কৰিব পাৰিব। ৱান নেচন, ৱান ৰেচন আঁচনিৰ জৰিয়তে জীৱিকাৰ তাড়নাত অন্য ঠাইলৈ যাবলগীয়া হোৱা শ্ৰমিকসকলে প্ৰাপ্য লাভৰ ক্ষেত্ৰত থকা বাধা দূৰ কৰিব পৰা যাব।