National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
ডিজিটেল ডেস্কঃ জম্মু- কাশ্মীৰৰ উধমপুৰ জিলাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা।ভাৰতীয় সেনাৰ এখনি হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ মঙলবাৰে প্ৰাণ হেৰুৱাইছে দুগৰাকী পাইলটে।জম্মুস্থিত প্ৰতিৰক্ষা মুখপাত্ৰই জনায় যে পাটনিটপ অঞ্চলত প্ৰশিক্ষণ চলি থকাৰ কালতে উক্ত হেলিকপ্টাৰখন উধমপুৰ জিলাৰ গড় ধৰ অঞ্চলত দুৰ্ঘটনাত পতিত হয়।
সামৰিক বাহিনীৰ এগৰাকী বিষয়াই আগবঢ়োৱা তথ্য অনুসৰি দুৰ্ঘটনাটো মঙলবাৰে পুৱা ১০.৩০ বজাৰ পৰা ১০.৪৫ বজাৰ ভিতৰত সংঘটিত হৈছিল।নদাৰ্ণ কমাণ্ডৰ এগৰাকী মুখপাত্ৰই সোনকালেই এই সম্পৰ্কে সবিশেষ জনাই আনুষ্ঠানিক বিবৃতি জাৰি কৰা হ'ব বুলি জনাইছে।
দুৰ্ঘটনাৰ সবিশেষ বিচাৰি এতিয়াও অনুসন্ধান চলি আছে বুলি সেনাৰ শীৰ্ষ সূত্ৰত প্ৰকাশ।
Leave A Comment