National
The numbers clearly indicate a significant progress in the development of mechanism to settle international trade in Indian rupees.
লক্ষ্ণৌ : দেশদ্ৰোহৰ গোচৰ এতিয়া অতি সুলভ হৈ পৰিছে। চৰকাৰৰ বিৰোধ বা সমালোচনা কৰিলেই দেশদ্ৰোহৰ কঠোৰ আইনৰ অধীনত গোচৰ জাপি দিয়াৰ পৰম্পৰা বিজেপিৰ আমোলত অধিক তীব্ৰ হোৱা দেখিবলৈ পোৱা গৈছে। এতিয়াও এই কাৰ্য অব্যাহত আছে। বিভিন্ন বিৰোধী নেতা, আমোলা, সমাজকৰ্মী, শিক্ষাবিদ, সাংবাদিকলৈকে বিভিন্নজনৰ বিৰুদ্ধে জাপি দিয়া হৈছে দেশদ্ৰোহৰ গোচৰ। এইবাৰ এগৰাকী প্ৰাক্তন ৰাজ্যপালৰ বিৰুদ্ধে ৰুজু কৰা হৈছে দেশদ্ৰোহৰ গোচৰ।
উত্তৰ প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল আজিজ কুৰেশ্বীৰ বিৰুদ্ধে ৰাজ্যখনত গোচৰ কৰা হৈছে দেশদ্ৰোহৰ গোচৰ। যোগী আদিত্যনাথ চৰকাৰৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে। ইউপি আৰক্ষীয়ে সোমবাৰে তেওঁৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰে। বিজেপি নেতা আকাশ কুমাৰ ছাক্সেনাৰ অভিযোগৰ আধাৰত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। ৰামপুৰ জিলাৰ চিভিল লাইনছ আৰক্ষী থানাত দেওবাৰে নেতাজনে অভিযোগ দাখিল কৰিছিল।
অভিযোগত নেতাজনে অভিযোগ কৰে যে, সমাজবাদী পাৰ্টীৰ নেতা আজম খানৰ ঘৰলৈ গৈ তেওঁৰ পত্নী তাজিন ফাটিমাক সাক্ষাত কৰাৰ পাছত কুৰেশ্বীয়ে চৰকাৰৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰিছিল। তেওঁ যোগী চৰকাৰক ৰক্ত পিপাসু দৈত্য আখ্যা দিয়া বুলি অভিযোগ কৰে। প্ৰাক্তন ৰাজ্যপালগৰাকীৰ মন্তব্যই সাম্প্ৰদায়িক শান্তি বিঘ্নিত কৰাৰ আশংকা আছে বুলি বিজেপি নেতাজনে অভিযোগ কৰে। প্ৰাক্তন ৰাজ্যপাল কুৰেশ্বীৰ বিৰুদ্ধে ১৫৩-এ, ১৫৩-বি, ১২৪-এ আৰু ৫০৫(১) বি আদি কঠোৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
Leave A Comment