• ফিলিপাইনছত ভয়ংকৰ বিমান দুৰ্ঘটনা, তীব্ৰ ৰূপত উদ্ধাৰ অভিযান

    ৰাষ্ট্ৰীয়
    ফিলিপাইনছত ভয়ংকৰ বিমান দুৰ্ঘটনা, তীব্ৰ ৰূপত উদ্ধাৰ অভিযান

    ক’টাবোটো : ফিলিপাইনছত ভয়ংকৰ বিমান দুৰ্ঘটনা। এই দুৰ্ঘটনাত এতিয়ালৈ কিমান লোক হতাহত হৈছে সেই কথাৰ নিশ্চিত তথ্য লাভ কৰা সম্ভৱ হোৱা নাই। ৮৫জনকৈ লোকক কঢ়িয়াই নিয়া এখন সামৰিক বিমান দেশখনৰ দক্ষিণ প্ৰান্তত দুৰ্ঘটনাগ্ৰস্ত হয়। দেওবাৰে সংঘটিত হোৱা এই দুৰ্ঘটনাৰ বিষয়ে প্ৰকাশ কৰিছে দেশখনৰ সামৰিক বিভাগৰ মুৰব্বীয়ে।





    দুৰ্ঘটনাৰ পাছত অগ্নিকাণ্ডত জাহ যোৱা বিমানখনৰ ধ্বংসস্তুপৰ মাজৰ পৰা ৪০জন লোকক উদ্ধাৰ কৰা সম্ভৱ হোৱা বুলি প্ৰকাশ পাইছে। ছুলু প্ৰদেশৰ জোলো দ্বীপত চি-১৩০ বিমানখন অৱতৰণ কৰাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে সামৰিক বাহিনীৰ মুৰব্বী জেনেৰেল চিৰিলিটো ছোবেজানাই। বিমানখনৰ আৰোহী অধিকসংখ্যক লোকেই সামৰিক প্ৰশিক্ষণ সম্পূৰ্ণ কৰি অহা লোক আছিল। তেওঁলোকক সন্ত্ৰাসবাদ দমনৰ বাবে মুছলমান অধ্যুষিত অঞ্চলত মোতায়েন কৰাৰ কথা আছিল।