• ফেচবুকত ‘বিদায় বাৰ্তা’ দি চিৰবিদায় ক’ভিড আক্ৰান্ত চিকিৎসকৰ...

    ৰাষ্ট্ৰীয়
    ফেচবুকত ‘বিদায় বাৰ্তা’ দি চিৰবিদায় ক’ভিড আক্ৰান্ত চিকিৎসকৰ...

    মুম্বাই : ফেচবুকত বিদায় বাৰ্তা দি মৃত্যুক সাবটি ল’লে এগৰাকী ক’ভিড আক্ৰান্ত চিকিৎসকে। সোমবাৰে নিশা ৫১বছৰীয়া চিকিৎসকগৰাকীৰ মৃত্যু হয়। তাৰ কেইঘণ্টামানৰ পূৰ্বে তেওঁ নিজৰ মৃত্যুৰ আশংকা কৰি ফেচবুকত পোষ্ট দিছিল। চিকিৎসকগৰাকী হৈছে ডাঃ মনীষা যাদৱ। মুম্বাইৰ ছেৱৰী টিবি হাস্পতালৰ মুখ্য স্বাস্থ্য বিষয়া আছিল যাদৱ। দেওবাৰে যক্ষ্মা ৰোগৰ বিশেষজ্ঞগৰাকীয়ে এটা ফেচবুক পোষ্ট দি আশংকা প্ৰকাশ কৰিছিল যে, তেওঁ হয়তো বাছি নাথাকিব।





    আৰু পঢ়িব পাৰিব:ক’ভিডৰ ভয়ংকৰ ৰূপ : তাৰ মাজতে আইচিএমআৰ-এ দিছে সুখবৰ





    তাৰ প্ৰায় ৩৬ ঘণ্টাৰ পাছত তেওঁৰ মৃত্যু হয়। চিকিৎসকগৰাকীৰ এই কৰুণ মৃত্যুৰ পাছতে আন ভালেকেইগৰাকী চিকিৎসকে শোক প্ৰকাশ কৰিছে। কেইবাগৰাকীও চিকিৎসকে এই অসহায় মৃত্যুক লৈ অসহায়তা প্ৰকাশ কৰিছে। মুম্বাইৰ এগৰাকী চিকিৎসক ডাঃ তৃপ্তি গিলাডাই দিয়া এটা ভিডিঅ’ মেছেজত কয় যে, ‘আমি অসহায়। ইয়াৰ পূৰ্বে আমি এনে পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিলোঁ। মানুহ এতিয়া ভীত-সন্ত্ৰস্ত হৈ পৰিছে।’





    আৰু পঢ়িব পাৰিব:দেশত নাটনিৰ মাজতে অক্সিজেন ৰপ্তানিত ভাৰতৰ অভিলেখ!





    ভাইৰেল হৈ পৰা এই বাৰ্তাত তেওঁ লগতে কয় যে, ‘মোৰ হৃদয় ভাঙি গৈছে। হয়তো যদি মই ক’ব পাৰিলোঁহেঁতেন কিহে মোক সন্ত্ৰস্ত কৰিছে… যদিহে মই তোমাক সহায় কৰিব পাৰিলোঁহেঁতেন, মই বহুত শান্তি পালোঁহেঁতেন।’ আনৰ জীৱন ৰক্ষাৰ যুঁজত দিন ৰাতি একাকাৰ কৰা চিকিৎসক এগৰাকী এই অসহায় মৃত্যুৱে আজিৰ সময়ৰ কঠিন বাস্তৱকে যেন উদঙাই দিছে।