Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
নতুন দিল্লী : ক’ভিড আক্ৰান্ত হৈ কোৱাৰেণ্টাইন হৈ থকা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মোদী চৰকাৰৰ বিৰুদ্ধে নিজৰ আক্ৰমণাত্মক ভূমিকা অব্যাহত ৰাখিছে। দেশৰ স্বাস্থ্যখণ্ডলৈ অহা এই বৃহৎ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰসংগৰে প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰে ৰাহুলে। ক’ভিড সংক্ৰমণে অধিক দ্ৰুততা লাভ কৰি থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন তোলে ৰাহুলে।
আৰু পঢ়িব পাৰিব:ক’ভিডৰ ভয়ংকৰ ৰূপ : তাৰ মাজতে আইচিএমআৰ-এ দিছে সুখবৰ
টুইটাৰত ৰাহুলে লিখিছে, ‘মই ঘৰতে কোৱাৰেণ্টাইন হৈ আছোঁ আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰকাশ হৈ থকা কৰুণ কাহিনীবোৰ মোৰ দৃষ্টিগোচৰ হৈ আছে। ভাৰতে কেৱল কৰ’না ভাইৰাছৰ সংকটৰ গৰাহত পৰা নাই বৰং চৰকাৰৰ জনগণবিৰোধী ৰাজনীতিৰো আঘাতৰ সন্মুখীন হৈছে। দেশে এতিয়া অন্তঃসাৰশূন্য ভাষণ আৰু অৰ্থহীন উৎসৱ নিবিচাৰে… ভাৰতে এতিয়া এটা সমাধান বিচাৰে।’ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদগৰাকীয়ে হিন্দীত কৰা টুইটটোত প্ৰধানমন্ত্ৰীক কটাক্ষ কৰে। উল্লেখ্য যে, কেইদিনমানৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ কৰ’না পৰিস্থিতিক লৈ দেশক সম্বোধন কৰিছিল।
Leave A Comment