• বংগৰ নিৰ্বাচনোত্তৰ হিংসা : তদন্তৰ বাবে চিবিআইৰ বিশেষ গোট

    ৰাষ্ট্ৰীয়
    বংগৰ নিৰ্বাচনোত্তৰ হিংসা : তদন্তৰ বাবে চিবিআইৰ বিশেষ গোট

    কলকাতা : পশ্চিমবংগত হোৱা নিৰ্বাচনোত্তৰ হিংসাৰ প্ৰসংগই এতিয়াও ৰাজ্যখনৰ পৰিস্থিতিক অস্থিৰ কৰি ৰাখিছে। অভিযোগ, প্ৰতি-অভিযোগেৰে উত্তাল হৈ পৰা এই হিংসাৰ প্ৰসংগই এতিয়া ন্যায়ালয়ৰ মজিয়া গচকিছে। এই সম্পৰ্কীয় এক বিষয়ৰ শুনানি গ্ৰহণ কৰি কলকাতা উচ্চ ন্যায়ালয়ে আজি এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে।





    কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বিগত এপ্ৰিল-মে’ মাহত অনুষ্ঠিত নিৰ্বাচনৰ পৰৱৰ্তী সময়ত হোৱা হিংসাৰ ঘটনাৰ তদন্ত কৰিব বিশেষ তদন্তকাৰী গোটে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা অৰ্থাৎ চিবিআই-এ গঠন কৰিবলগীয়া এটা বিশেষ তদন্তকাৰী গোটে এই ঘটনাৰ তদন্ত কৰিব।





    কলকাতা আৰক্ষী আয়ুক্ত সৌমেন মিত্ৰও এই তদন্তকাৰী গোটৰ সদস্য হ’ব। মুখ্য ন্যায়াধীষ ৰাজেশ বিন্দাল নেতৃত্বৰ এখন পাঁচজনীয়া বিচাৰপীঠে এই বিষয়টোৰ বিচাৰ কৰে আৰু এই ৰায় দিয়ে।