আঞ্চলিক
নতুন দিল্লী: লুধিয়ানা জিলাৰ ৰায়পুৰৰ ১০০০ একৰ মাটিত নিৰ্মাণ কৰা ‘গৌতম আদানি গ্ৰুপ’ৰ ইনলেণ্ড কনটেণ্ট ডিপো অৰ্থাৎ গুডামটো আজি বন্ধ কৰি দিয়া হয়৷ এই গুডামটো হাৰিয়ানাৰ কৃষকৰ ফচল সংগ্ৰহ কৰি জমা কৰিবৰ বাবে ২০২০ চনত সংসদত কৃষি আইন অনুমোদন হোৱাৰ আগতেই নিৰ্মাণ কৰিছিল৷
উল্লেখ্য যে, ২০১৯ চনত লুধিয়ানাৰ কৃষকৰ পৰা বৃহৎ কৃষি ভূমি ক্ৰয় কৰি ‘আদানি গ্ৰুপ’-এ দেশৰ সৰ্ববৃহৎ গুডামটো নিৰ্মাণ কৰিছিল আৰু ২০২০ চনৰ মাৰ্চ মাহত ৪০০ কৰ্মচাৰীক নিযুক্তি দিছিল৷ কিন্তু বিগত ১৫ জানুৱাৰী পৰা উত্তৰ ভাৰতৰ কৃষকে এই গুডাম বন্ধ কৰিবৰ বাবে দাবী কৰি গুডামটোৰ সন্মুখত প্ৰতিবাদ আৰম্ভ কৰে৷ এই প্ৰতিবাদৰ সন্দৰ্ভত সহায় বিচাৰি ২০২১ৰ মাৰ্চ মাহত আদানি গ্ৰুপ আদালতৰ দ্বাৰস্থ হয়৷
আদালতে গুডামটো খোলাৰ ব্যৱস্থা কৰিবৰ বাবে এপ্ৰিল মাহত হাৰিয়ানা চৰকাৰক নিৰ্দেশ দিয়ে৷ কিন্তু আদালতৰ এই নিৰ্দেশ পোৱাৰ তিনি মাহলৈকে হাৰিয়ানা চৰকাৰে প্ৰতিবাদী কৃষকৰ কাষ চাপিবলৈ সাহস নকৰাত ‘আদানি গ্ৰুপ’-এ আজিৰেপৰা গুডামটো বন্ধ ঘোষণা কৰে৷
Leave A Comment