• বাঢ়িছে সংক্ৰমণ... কমিছে বিছনা, ঔষধ, অক্সিজেন, প্ৰতিষেধক...

    ৰাষ্ট্ৰীয়
    বাঢ়িছে সংক্ৰমণ... কমিছে বিছনা, ঔষধ, অক্সিজেন, প্ৰতিষেধক...

    নতুন দিল্লী : দেশত অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি কৰিছে ক’ভিড সংক্ৰমণে। ক্ৰমাগত দ্বিতীয় দিনাও দেশত দুই লক্ষাধিক আক্ৰান্ত চিনাক্ত হৈছে। বৃহস্পতিবাৰৰ দিনটোত সৰ্বকালৰ সৰ্বাধিকসংখ্যক ক’ভিড আক্ৰান্ত চিনাক্ত হয় দেশত। বৃহস্পতিবাৰে চিনাক্ত হোৱা আক্ৰান্তৰ সংখ্যা হৈছে ২,১৭,৩৫৩। এনে অভূতপূৰ্ব পৰিস্থিতিয়ে দেশৰ স্বাস্থ্য খণ্ডত সংকটৰ সৃষ্টি কৰিছে।





    আৰু পঢ়িব পাৰিব :কৰ’নাৰ কালৰূপ : দেশৰ ৰাজধানী চহৰতেই নাটনি হৈছে চিকিৎসকৰ





    সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যসমূহত নাটনি হৈছে হাস্পতালৰ বিছনা, অক্সিজেন, ঔষধ আৰু প্ৰতিষেধকৰ। এনে পৰিস্থিতিত অধিকসংখ্যক লোকে প্ৰাণ হেৰুওৱাৰ আশংকা বৃদ্ধি পাইছে। বিগত ২৪ ঘণ্টাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা হৈছে ১,১৮৫। দেশত মুঠ আক্ৰান্তৰ সংখ্যা এতিয়া বৃদ্ধি পাইছে ১.৪২কোটিলৈ। দেশত একেৰাহে দ্বিতীয়দিনাও ২ লাখৰ অধিক আৰু একেৰাহে ষষ্ঠদশ দিনাও ডেৰলাখৰ অধিক পজিটিভ চিনাক্ত হৈছে।





    আৰু পঢ়িব পাৰিব :মহানগৰীত উদ্ধাৰ অৰ্ধগলিত এগৰাকী যুৱতীৰ মৃতদেহ





    দেশৰ ভিতৰতে সৰ্বাধিক ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰত ৬১,৬৯৫জন লোক নতুনকৈ আক্ৰান্ত হৈছে। ৰাজ্যখনত ইতিমধ্যে জাৰি কৰা হৈছে কঠোৰ সান্ধ্যআইন। কৰ’নাৰ এই ভয়ংকৰ সংক্ৰমণ দেশৰ বিভিন্ন ক্ষেত্ৰৰ বাবে অতি বিপদজনক বিবেচিত হোৱাৰ আশংকা বৃদ্ধি পাইছে।