• বাহিৰত ক’ভিড : ১৫ মাহে ঘৰৰ ভিতৰত আবদ্ধ এই পৰিয়ালটো

    ৰাষ্ট্ৰীয়
    বাহিৰত ক’ভিড : ১৫ মাহে ঘৰৰ ভিতৰত আবদ্ধ এই পৰিয়ালটো

    পূব গোদাবৰী : ক’ভিড মহামাৰীৰ সংক্ৰমণৰ লগতে মহামাৰী সম্পৰ্কে থকা ভ্ৰান্ত ধাৰণায়ো সাধাৰণ মানুহক নানা ক্ষতি কৰা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ এনে এটা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। কৰ’না সংক্ৰমণৰ ভয়ত এটা পৰিয়ালে ১৫ মাহে নিজকে আবদ্ধ কৰি ৰাখিছিল ঘৰৰ ভিতৰত। এই ঘটনা পোহৰলৈ অহাৰ পাছতে আৰক্ষী আৰু প্ৰশাসনৰ লোকে পৰিয়ালটোক শোচনীয় অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।





    অন্ধ্ৰ প্ৰদেশৰ কদলী গাঁৱত এই ঘটনা সংঘটিত হৈছে। কদলী গাঁৱৰ চৰপঞ্চ চোপ্পালা গুৰুনাথে প্ৰকাশ কৰা মতে গাঁওখনৰ ৰুথাম্মা (৫০), কন্থামণি (৩২), আৰু ৰাণী (৩০)আৰু তেওঁলোকৰ আন একাধিক সদস্যই আজিৰ পৰা ১৫মাহ আগেয়ে নিজকে ঘৰৰ ভিতৰতে আবদ্ধ কৰে। তেওঁলোকৰ চুবুৰীয়া এজন লোকৰ কোভিডত মৃত্যু হোৱাৰ পাছত ক’ভিড সংক্ৰমণৰ ভয়তে এই কাৰ্য সংঘটিত কৰে পৰিয়ালটোৱে।





    শেহতীয়াকৈ এজন চৰকাৰী কৰ্মচাৰীয়ে কোনো আঁচনিৰ সুবিধা দিবলৈ পৰিয়ালটোৰ কাষলৈ অহাৰ সময়তে এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহে। তাৰ পাছতে তৎপৰতাৰে তেওঁলোকক উদ্ধাৰ কৰা হয়। ক’ভিডৰ এনে ভ্ৰান্ত ভীতিৰ বাবেই নিজৰ জীৱনক বিপন্ন কৰি তোলা পৰিয়ালটোৰ এনে কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে। তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিল আৰু দুই এদিন তেনেকৈ থকা হ’লে তেওঁলোকৰ মৃত্যু হ’লহেঁতেন বুলি চৰপঞ্চে প্ৰকাশ কৰিছে।






    sv388sv388sabung ayam onlinesv388agen sabung ayamscatter hitamhongkong poolslive casino onlinesabung ayam onlinelive casino onlinesabung ayam onlinesv388agen casino onlinesv388live baccarat onlineINDOJAWA88sv388INDOJAWA88INDOJAWA88sv388live casino onlinesv388live casino onlinemix parlay sbobetcasino onlinesabung ayam onlinesv388sv388live casino onlinesbobet88sv388sv388sv388live casino onlinesabung ayam onlineslot777slot gacoragen casino onlinelink slot gacorslot777casino onlinesv388judi baccarat onlineagen mix parlaysv388sv388live casino onlinesv388agen casino online