National
বেংগালুৰু : মুখ্যমন্ত্ৰীৰ পদ এৰিব আৰু এগৰাকী জ্যেষ্ঠ বিজেপি নেতাই। দলৰ ভিতৰতে হোৱা বিদ্ৰোহৰে মোকাবিলা কৰিব নোৱাৰি মুখ্যমন্ত্ৰীৰ পদৰ পৰা অব্যাহতি ল’ব বিচাৰিছে নেতাগৰাকীয়ে। তেওঁ হৈছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বিএছ য়েডিয়ুৰাপ্পা। দলৰ কেইবাগৰাকীও নেতাই তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ পাছত তেওঁ স্বাস্থ্যজনিত কাৰণৰ দোহাই দি মুখ্যমন্ত্ৰীৰ পদ এৰাৰ ইচ্ছা প্ৰকাশ কৰিছে বুলি জানিব পৰা গৈছে। শুকুৰবাবে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সময়তে তেওঁ নিজৰ পদত্যাগপত্ৰ দাখিল কৰা বুলি এটা সূত্ৰই দাবী কৰিছে। সূত্ৰটোৱে দাবী কৰা মতে এতিয়া বিজেপিৰ হাইকমাণ্ডে তেওঁ পদত্যাগ গ্ৰহণ কৰা বা নকৰা সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰিব।
সূত্ৰটোৱে আৰু দাবী কৰিছে যে, য়েডিয়ুৰাপ্পাক মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় নেতৃত্বই। য়েডিয়ুৰাপ্পাৰ এইটো কাৰ্যকালৰ দ্বিতীয় বৰ্ষপূৰ্তিত অৰ্থাৎ ২৬জুলাইতে নেতৃত্ব পৰিৱৰ্তনৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব। য়েডিয়ুৰাপ্পাই তেওঁৰ পুত্ৰক ৰাজ্যিক বিজেপিত ভাল স্থান প্ৰদানৰ চৰ্তৰে পদত্যাগ পত্ৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্ৰীয়ে তেওঁ দিনজোৰা কাৰ্যসূচীৰ সময়ত সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙকো সাক্ষাৎ কৰা বুলি জানিব পৰা গৈছে। পুত্ৰক লগত লৈ চাৰ্টাৰ্ড বিমানেৰে দিল্লীক উপস্থিত হোৱা বিজেপি জ্যেষ্ঠ নেতাগৰাকীয়ে অৱশ্যে নেতৃত্ব পৰিৱৰ্তন সম্পৰ্কীয় প্ৰশ্ন উত্তৰ দিয়াৰ পৰা বিৰত আছে।
Leave A Comment