• বিজেপিলৈ ‘মেট্ৰ’ মেন’ শ্ৰীধৰণ, কেৰালাত বিজেপিৰ 'বিজয় যাত্ৰা'

    ৰাষ্ট্ৰীয়
    বিজেপিলৈ ‘মেট্ৰ’ মেন’ শ্ৰীধৰণ, কেৰালাত বিজেপিৰ 'বিজয় যাত্ৰা'

    নতুন দিল্লী :  অভিযান্ত্ৰিক কিংবদন্তী, ‘মেট্ৰ’ মেন’ হিচাপে প্ৰখ্যাত ই শ্ৰীধৰণে বিজেপিত যোগদানৰ বাবে সাজু হৈছে। কেৰালাৰ নিৰ্বাচনলৈ কেইমাহমানহে থকাৰ সময়ত নিজৰ এই সিন্ধান্তৰ কথা প্ৰকাশ কৰিছে শ্ৰীধৰণে। কেৰালাত দেওবাৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ‘বিজয় যাত্ৰা’ কাৰ্যসূচীত বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব ‘মেট্ৰ’ মেন’ শ্ৰীধৰণে। অহা মে’ মাহৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত ৮৮ বছৰীয়া শ্ৰীধৰণে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনাৰ কথাও প্ৰকাশ পাইছে।





    আৰু পঢ়িব পাৰিব : ১৬.২৫ কোটি : আইপিএলৰ নিলামত ক্ৰিছ ম’ৰিছৰ চমৎকাৰ





    গৃহ চহৰ মাল্লাপুৰমত সংবাদ মাধ্যমৰ সৈতে কথা-বতৰা পতাৰ সময়ত তেওঁ কয়, ‘মই বিজেপিত যোগদানৰ সিদ্ধান্ত লৈছোঁ আৰু ইয়াৰ কেৱল আনুষ্ঠানিকতাহে বাকী আছে।’ তেওঁ লগতে কয় যে, দলটোৱে উত্থাপন কৰা বিষয়সমূহৰ প্ৰতি তেওঁৰ বিশ্বাস আছে আৰু কোনো ৰাজনৈতিক দলকে অন্ধভাৱে বিৰোধ কৰা কাৰ্যৰ তেওঁ বিৰোধিতা কৰে। দলে বিচাৰিলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু বুলিও প্ৰকাশ কৰে প্ৰখ্যাত অভিযন্তাগৰাকীয়ে। তেওঁ সক্ৰিয় ৰাজনীতিলৈ যোৱাৰ সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰি কয়, ‘মই মোৰ সময় আৰু অভিজ্ঞতাক ব্যৱহাৰ কৰি কিছু পৃথক কৰি দেখুওৱাব বিচাৰোঁ।’





    আৰু পঢ়িব পাৰিব : তিনিচুকীয়াত দুটা বনৰৌসহ ২ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ





    উল্লেখ্য যে, তেওঁ দেশৰ সৰ্ববৃহৎ মেট্ৰ’ প্ৰকল্পবোৰৰ নেতৃত্ব বহন কৰিছিল। ২০১১চনত তেওঁ দিল্লী মেট্ৰ’ প্ৰকল্পৰ মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। প্ৰখ্যাত অভিযন্তাগৰাকী জয়পুৰ, লক্ষ্ণৌ, কোচি আদিৰ দৰে বৃহৎ মেট্ৰ’ প্ৰকল্পতো জড়িত হৈছিল। ২০০১ চনত তেওঁ পদ্মশ্ৰী আৰু ২০০৮চনত পদ্মভূষণ সন্মান লাভ কৰে। তামিলনাডুৰ ৰামেশ্বৰম আৰু মেইনলেণ্ড সংযোগী ইতিহাসপ্ৰসিদ্ধ পামবান সেতু ঘূৰ্ণীত ক্ষতিগ্ৰস্ত হোৱাৰ পাছত পুনৰ সংযোজিত কৰাৰ জৰিয়তেও তেওঁ চৰ্চালৈ আহিছিল।