Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
জয়পুৰ : মধ্য প্ৰদেশ, গুজৰাটৰ পাছত এইবাৰ অসমৰ ক্ষেত্ৰতো আৰম্ভ ৰিজ’ৰ্ট পলিটিক্স৷ ৰাজস্থানৰ জয়পুৰত আজি অসমৰ এআইইউডিএফৰ নিৰ্বাচনী প্ৰাৰ্থী উপস্থিত হয়গৈ৷ বিমান বন্দৰৰ পৰা ৫ খন গাড়ীৰে ফেয়াৰমণ্টলৈ ৰাওনা হয় প্ৰাৰ্থীকেইগৰাকী৷ অসমৰ নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ আগে পাছে বিজেপিয়ে হাইজেক কৰিব পাৰে বিৰোধী বিধায়কক। এই আশংকাৰে ইতিমধ্যে আজমলে ১৭ গৰাকী ভাবি বিধায়কক লৈ গ’ল ৰাজস্থানলৈ।
আৰু পঢ়িব পাৰিব : গঁড়ৰ আক্ৰমণত নিহত অনিমেশ
দিনৰ ২ বজাত ইণ্ডিগো বিমানেৰে জয়পুৰত উপস্থিত হোৱা প্ৰাৰ্থীৰ দলটো বিলাসী ফেয়াৰমণ্ট হোটেলত আছে আৰু প্ৰাৰ্থীসকল ২ মে’ৰ ভোটগণনা পৰ্যন্ত জয়পুৰতে থাকিব বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে ম’বাইল ছুইচ অফ কৰি জমা ৰাখিছে নিৰ্দিষ্ট স্থানত৷ বহিৰ্বিশ্বৰে যোগাযোগ বিচ্ছিন্ন কৰি ৰখা হৈছে নিৰ্বাচনী প্ৰাৰ্থীকেইগৰাকীক৷ AIUDFৰ প্ৰাৰ্থীকৈগৰাকীক শীৰ্ষ কংগ্ৰেছ নেতাৰ তত্বাৱধানত নিয়া হৈছে৷
আৰু পঢ়িব পাৰিব : দেশত প্ৰতিষেধকৰ নাটনি! কেইবাখনো ৰাজ্যত উদ্বেগজনক পৰিস্থিতি
অন্তিম বাৰলৈ মহাৰাষ্ট্রৰ কংগ্ৰেছৰ প্ৰাৰ্থীক অনা হৈছিল ৰাজস্থানলৈ৷ কংগ্ৰেছ হাইকমাণ্ডৰ বাবে পুনৰ বিশ্বাসভাজন অশোক গেহলট৷ কংগ্ৰেছৰ মুখ্যমন্ত্ৰীজনে নজৰ ৰাখিছে অসমৰ প্ৰাৰ্থীসকলৰ ওপৰত৷
Leave A Comment