• বিধানসভাত নামাজৰ বাবে আছুতীয়া কোঠা ! ক্ষুদ্ধ বিৰোধী

    ৰাষ্ট্ৰীয়
    বিধানসভাত নামাজৰ বাবে আছুতীয়া কোঠা ! ক্ষুদ্ধ বিৰোধী

    ঝাৰখণ্ডঃ ঝাৰখণ্ডত শেহতীয়া এক ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ঘটনাৰ সম্ভেদ পোৱাৰ পাছতে জাঙুৰ খাই উঠিছে বিৰোধী শিবিৰ। ঝাৰখণ্ড ৰাজ্যিক বিধানসভাত মুছলমান বিধায়ক আৰু শ্ৰমিকসকলৰ সুবিধাৰ্থে নামাজ পঢ়াৰ বাবে এটা আছুতীয়া কোঠাৰ আৱণ্টন কৰা হ’ব বুলি বিধানসভাৰ অধ্যক্ষই ঘোষণা কৰাৰ পাছতে বিষয়টো তুমুল চৰ্চাৰ অভিকেন্দ্ৰ হৈ পৰিছে। বিধানসভাৰ অধ্যক্ষৰ সিদ্ধান্তৰ বিৰোধীতা কৰিছে বিজেপিয়ে।





    আনকি নামাজৰ বাবে অধ্যক্ষই আছুতীয়া কোঠা আবন্টন কৰাৰ প্ৰতিবাদত বিজেপিয়ে ৰাজ্যজুৰি 'ক'লা দিৱসো' পালন কৰা পৰিলক্ষিত হৈছে। ইয়াৰ পূৰ্বে ৰাজপথত প্ৰতিবাদ কৰি থকা সময়ত বিজেপিৰ দলীয় কৰ্মীসকলৰ ওপৰত আৰক্ষীয়ে লাঠিচাৰ্জ কৰা বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে। বিজেপিৰ বিক্ষোভৰ পাছতে মুখ খুলিছে বিধানসভাৰ অধ্যক্ষই। অধ্যক্ষ ৰবীন্দ্ৰনাথ মাহাতোৱে নামাজৰ বাবে আবন্টন কৰা কোঠাটো ভৱিষ্যতে ৰাখিব নে নাই সেয়া সৰ্বদলীয় সমিতিয়ে সিদ্ধান্ত ল'ব বুলি সদৰী কৰে।





    বিধানসভা সচিবালয়ৰ শেহতীয়া নিৰ্দেশনাত টি ডব্লিউ ৩৪৮ নম্ৱৰ কোঠাতো নামাজ পঢ়িবলৈ ব্যৱহাৰ কৰা হ'ব বুলি প্ৰকাশ পোৱাৰ পাছতে বিজেপিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। বিগত সময়ছোৱাত বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনটোৰ পৰাই বিজেপি বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। 'জয় শ্ৰীৰাম' ধ্বনিৰে সদন উত্তাল কৰা বুলিও জানিবলৈ পোৱা গৈছে। উল্লেখ্য যে, ৰাজ্যখনত ২০১৯চনৰ পৰাই ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতৃত্বাধীন চৰকাৰ বৰ্তি আছে। তেনে ক্ষেত্ৰত প্ৰধান বিৰোধী দল বিজেপিৰ নিনাদিত আৰ্তনাদে অনাগত সময়ত কিমান গুৰুত্ব লাভ কৰে সেয়াহে হ’ব লক্ষ্যণীয়!