• বিনামূলীয়া প্ৰতিষেধক : বাট দেখুৱাইছে দিল্লী চৰকাৰে

    ৰাষ্ট্ৰীয়
    বিনামূলীয়া প্ৰতিষেধক : বাট দেখুৱাইছে দিল্লী চৰকাৰে

    নতুন দিল্লী : প্ৰতিষেধক উৎপাদনকাৰী সংস্থাই কোভিড প্ৰতিষেধকৰ দাম বৃদ্ধি কৰাৰ পাছতে দেশত প্ৰতিষেধকক লৈ তুমুল বিতৰ্কৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নতুন নীতিক লৈও চলিছে তুমুল সমালোচনা। ১ মে’ৰপৰা আৰম্ভ হ’বলগীয়া তৃতীয় পৰ্যায়ৰ টিকাকৰণত ১৮ ঊৰ্ধ্বৰ লোকসকলক সামৰি লোৱাৰ লক্ষ্য লোৱা হৈছিল যদিও প্ৰতিষেধক বিনামূলীয়া হ’ব নে নাই তাক লৈও সংশয় আঁতৰা নাই।





    আৰু পঢ়িব পাৰিব : অসমীয়া চলচ্চিত্ৰ ‘ব্ৰীজ’লৈ গুৰুত্বপূৰ্ণ স্বীকৃতি





    কিন্তু ইয়াৰ মাজতে দেশৰ বাবে প্ৰশংসনী নিদৰ্শন দাঙি ধৰিছে দিল্লী চৰকাৰে। দিল্লীৰ কল্যাণকামী চৰকাৰে ১৮ ঊৰ্ধ্বৰ সকলো লোককে বিনামূলীয়াকৈ প্ৰদান কৰিব কোভিড প্ৰতিষেধক। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি এইকথা প্ৰকাশ কৰিছে। শনিবাৰৰ পৰা সকলো বয়সৰ ফালৰ পৰা যোগ্য লোককে প্ৰতিষেধক প্ৰদান কৰা কাম আৰম্ভ কৰা হ’ব।





    আৰু পঢ়িব পাৰিব : ক’ভিড ত্ৰাসৰ মাজতো আশা বিলাইছে ভাইজানে





    মুখ্যমন্ত্ৰী কেজৰিৱালে কয়, ‘দিল্লী চৰকাৰে ১৮বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি আমি ১.৩৪লাখ প্ৰতিষেধক ক্ৰয় কৰাত অনুমোদন।’ কেজৰিৱালে লগতে প্ৰতিষেধক উৎপাদন কৰা প্ৰতিষ্ঠানক ইয়াৰ প্ৰতিপালিৰ দাম ১৫০ টকালৈ হ্ৰাস কৰাৰো আবেদন জনাইছে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰো প্ৰয়োজনত প্ৰতিষেধকৰ দাম নিয়ন্ত্ৰন কৰাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণৰ আহ্বান জনায়।