ডিজিটেল ডেস্ক : ‘ৰূপে কি কৰে, গুণেহে সংসাৰ তৰে’ বোলা আপ্তবাক্যশাৰী এতিয়া যেন বহুসময়ত অপ্ৰাসংগিক হৈ পৰিছে। কিয়নো এতিয়া ভালেমান পেচাত ৰূপেই চিহ্নিত হয় গুণ হিচাপে। বিশেষকৈ মডেলিঙৰ দৰে গ্লেমাৰৰ জগতত মডেলৰ ৰূপ হৈ পৰে প্ৰধান গুণ। এইবাৰ এগৰাকী মডেলৰ এই ‘গুণ’ক কলুষিত কৰি বৃহৎ জৰিমনা ভৰিবলগীয়া হ’ল এখন বিলাসী হোটেলে। হোটেলখনৰ বিৰু্দ্ধে এগৰাকী মডেলে আনিছিল গুৰুতৰ অভিযোগ। হোটেলখনৰ বিলাসী চেলুনত তেওঁৰ চুলি বেয়াকৈ কটাৰ ফলত তেওঁৰ ‘স্বপ্ন’ চূড়মাৰ হৈ পৰিছিল আৰু তেওঁ কেৰিয়াৰত বৃহৎ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছিল বুলি অভিযোগ কৰি তেওঁ কাষ চাপিছিল উপভোক্তা আদালতৰ।
আদালতে মডেলগৰাকীক ২ কোটি টকাৰ ক্ষতিপূৰণ দিয়াৰ বাবে নিৰ্দেশ দিলে হোটেলখনক। দ্য নেচনেল কনজিউমাৰ ডিছপিউটছ ৰিড্ৰেছেল কমিছন (এনচিডিআৰচি)এ মডেলগৰাকীৰ অভিযোগত সহমত প্ৰকাশ কৰি কয় যে, হোটেলখনৰ চেলুনৰ কৰ্মীৰ ভুলৰ বাবেই মডেলগৰাকীয়ে তেওঁৰ এছাইনমেণ্ট হেৰুৱাবলগীয়া হৈছিল আৰু ব্যাপক আৰ্থিক ক্ষতিৰ সন্মুখীন কৰাইছিল। এই ভুলৰ বলি হোৱাৰ পাছত তেওঁৰ জীৱনশৈলীয়েই সলনি হৈ পৰে আৰু এগৰাকী শীৰ্ষ মডেল হোৱাৰ তেওঁৰ স্বপ্নও মষিমূৰ হৈ পৰে। তেওঁ যিধৰণৰ হেয়াৰ কাট বিচাৰিছিল তাৰ বিপৰীত হেয়াৰকাট কৰাৰ ফলত তেওঁৰ কেৰিয়াৰলৈ বিপৰ্যয় নামি আহে।
মডেলগৰাকীয়ে তেওঁৰ দীঘল চুলিকোছাৰ বাবেই বিভিন্ন হেয়াৰ প্ৰডাক্টৰ মডেল হিচাপে কাম-কৰাৰ সুবিধা পাইছিল। তেওঁ ভিএলচিচি, পেণ্টিন অদি কোম্পানীৰ বাবে মডেলিঙৰ কাম কৰিছিল। কিন্তু চেলুনখনৰ ভুল তথা অৱহেলাৰ বাবে তেওঁ মানসিকভাৱে তথা কেৰিয়াৰতো বিপৰ্যৰ সন্মুখীন হ’বলগীয়া হয়। তেওঁ কামো হেৰুৱাবলগীয়া হয়। ইয়াৰ ক্ষতিপূৰণ হিচাপে ২ কোটি টকা তেওঁ আদায় দিয়াৰ বাবে নিৰ্দেশ দিছে উপভোক্তা আদালতে।
Leave A Comment