• বিশিষ্ট সংগীতজ্ঞ বাপ্পী লহিৰিৰ দেহত ধৰা পৰিছে ক'ভিড-১৯...

    ৰাষ্ট্ৰীয়
    বিশিষ্ট সংগীতজ্ঞ বাপ্পী লহিৰিৰ দেহত ধৰা পৰিছে ক'ভিড-১৯...

    মুম্বাই :  বিশিষ্ট সংগীতজ্ঞ তথা সংগীত পৰিচালক বাপ্পী লহিৰিৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ৰ উপস্থিতি৷ বৰ্তমান তেওঁ মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷

    আৰু পঢ়িব পাৰিব : ভোটাৰক আকৃষ্ট কৰিবলৈ আকৰ্ষণীয় ৰূপত সজোৱা হৈছে এটি ভোটকেন্দ্ৰ

    সংগীতজ্ঞগৰাকীৰ তৰফৰপৰা যিসকল লোক তেওঁৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকক অতি সোনকালে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ লগতে সোনকালে আৰোগ্য লাভ কৰিবলৈ প্ৰাৰ্থনা কৰে৷ অৱশ্যে তেওঁ বৰ্তমান সুস্থ বুলিয়ে প্ৰকাশ কৰে৷

    আৰু পঢ়িব পাৰিব : ৰাজ্যৰ কেইবাটাও ভোট কেন্দ্ৰত বিকল ইভিএম! যমুনামুখত উদ্ধাৰ ইভিএম

    আনহাতে, বাপ্পী লহিৰিৰ উপৰি বলীউডৰ কেইবাগৰাকীও তাৰকাৰ দেহত বিগত মাহত ধৰা পৰিছিল ক'ভিড-১৯ৰ উপস্থিতি৷ আমিৰ খান, ৰণবীৰ কাপুৰ, কাৰ্তিক আৰিয়ান আদিকে বহু কেইজনৰ দেহত ধৰা পৰিছিল কৰ’না মহামাৰীৰ উপস্থিতি৷