Regional
ডিজিটেল ডেস্ক:পাকিস্তানৰ কুৱেট্টাত সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত অতি কমেও ৩ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে আহত হৈছে ২০ জন লোক। তেহৰিক-ই-তালিবান পাকিস্তান নামৰ এক সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।
খবৰ অনুসৰি পেৰামিলিটাৰি ফ্ৰণ্টিয়াৰ ক’ৰ্পছ ৰ এক তালাচী চকীৰ সন্মুখত এই বিসফোৰণ সংঘটিত হয়। বিসফোৰণ সংঘটিত হোৱা স্থানডোখৰ বেলুচিস্তান প্ৰদেশৰ ৰাজধানী কুৱেট্টাৰ পৰা ২৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত।প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, আত্মঘাতী বোমাৰুজনে নিজৰ মটৰ চাইকেলেৰে তালাচী চকীৰ বেৰত প্ৰচণ্ড বেগত খুন্দা মাৰে। ফলত থিতাতে নিহত হয় তিনিগৰকীকৈ অৰ্ধসামৰিক বাহিনীৰ জোৱান
।
আফগানিস্তানত তালিবানৰ অভ্যুত্থানৰ পিছতে সংঘটিত এই আক্ৰমণে বিশেষ তাৎপৰ্য্য বহন কৰিছে। উল্লেখ্য যে ইৰাণ আৰু আফগানিস্তানৰ সীমান্তৱৰ্তী বেলুচিস্তানত চীনে বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ কাম চলাই আছে। ঘাইপথ নিৰ্মাণ, কৃষিক্ষেত্ৰৰ উন্নয়ন, শক্তি উৎপাদন প্ৰকল্পৰ বিকাশৰ বাবে চীনে এইসমূহ প্ৰকল্প ৰূপায়ণ কৰি আহিছে। চীনে চৰকাৰে দেশখনৰ অন্য অঞ্চলতো এনে উন্নয়নমূলক প্ৰকল্প ৰূপায়ণ কৰি আহিছে। এছিয়া মহাদেশত নিজৰ আধিপত্য বিস্তাৰ সফল কৰি তোলাৰ স্বাৰ্থত দেশখনে পাকিস্তানৰ ভূমিত হাতত লোৱা এনে প্ৰকল্পৰ ৰূপায়ণত বিভিন্ন সন্ত্ৰাসবাদী সংগঠনে বাধা প্ৰ্দান কৰি আহিছে। কুৱেট্টাৰ আক্ৰমণো এনে প্ৰচেষ্টাৰেই অংশ নে ইয়াৰ আঁৰত আছে অন্য কিবা সেয়া নিসন্দেহে সময়ত প্ৰমাণিত হ’ব।
Leave A Comment